Breaking News

নাজানে অসমৰ কোন ঠাইত অনুষ্ঠান কৰিছে, শিলঘাটকে মাজুলী সজাই পাতিলে স্বাধীনতাৰ অমৃত মহোৎসৱৰ চৰকাৰী অনুষ্ঠান

 


ডিজিটেল সংবাদ, কলিয়াবৰঃ 'স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱ’ৰ নামত চূড়ান্ত বেমেজালি আৰু কাণ্ডজ্ঞানহীনতাৰ পৰিচয়েৰে ৰাইজক আভুৱা ভৰাৰ অপচেষ্টা কৰিছে ৰাজ্যৰ অন্যতম বিভাগ ব্ৰহ্মপুত্ৰ বৰ্ড, জলশক্তি মন্ত্ৰণালয়, জলসম্পদ বিভাগ আৰু নদী উন্নয়ন বিভাগে৷ ব্ৰহ্মপুত্ৰ বৰ্ডৰ উপাধ্যক্ষ বি-কে কিজৰিৰ নেতৃত্বত কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ বালিত আয়োজিত অনুষ্ঠানটি চৰম বেমেজালিৰে কলিয়াবৰবাসীক অপমান কৰি মঞ্চত কলিয়াবৰৰ পৰিবৰ্তে মাজুলী আৰু ২১ ডিচেম্বৰৰ পৰিবৰ্তে ২০  ডিচেম্বৰ বুলি উল্লেখ কৰি এই উৎসৱ উদযাপিত কৰা কাৰ্য্যক ধিক্কাৰ দিছে সকলোৱে৷ স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত মঞ্চত উপস্থিত থকা সময়ত সৃষ্টি হোৱা কেতবোৰ এনে বেমেজালিয়ে অতিষ্ঠ কৰি তুলিছিল উপস্থিত দৰ্শকক। জনসাধাৰণক সম্পূৰ্ণ অন্ধকাৰত ৰাখি ’ট্ৰেণ্ড এম এম এছ’ নামৰ এটা সংস্থাক ঠিকা প্ৰদানেৰে চৰম ল’ৰাধেমালিৰে  ব্ৰহ্মপুত্ৰ উৎসৱ পালন কৰিছিল দ্বায়িত্ববাহী বিভাগকেইটাই৷ কলিয়াবৰত উদযাপিত ব্ৰহ্মপুত্ৰ উৎসৱৰ পৰা অতি ৰহস্যজনকভাৱে আঁতৰাই ৰখা হ'ল কলীয়াবৰবাসীক৷ ইয়াৰোপৰি নিদিষ্ট একাংশ ৰাইজক নিমন্ত্ৰণ  কৰিও অপমান কৰাৰহে গুৰুতৰ অভিযোগ উঠিছে ৷ 

 ইফালে কলিয়াবৰক অপমান তথা কলিয়াবৰবাসীক অন্ধকাৰত ৰাখি অনুষ্ঠান পালনৰ নামত বহুৱালি কৰাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই



No comments