Breaking News

কলিয়াবৰত অবৈধ ভাবে গৰু সৰবৰাহ কৰা বাহন দুৰ্ঘটনাগ্ৰস্ত



ডিজিটেল সংবাদ, কলিয়াবৰঃ ৰাজ্যত অব্যাহত আছে অবৈধ গৰুসৰবৰাহৰ ব্যৱসায়।আৰক্ষীৰ চকুত ধুলি দি কন্টেনাৰ বাহনত অবৈধ ভাবে গৰুৰ সৰবৰাহ কাৰ্য্য  এইবাৰ পোহৰলৈ আহিছে কলিয়াবৰত।কলিয়াবৰ আৰক্ষী থানা এলেকাধীন বৰুৱাচুকত পুৱাই সংঘটিত হোৱা দুৰ্ঘটনাগ্ৰস্ত বাহনত গৰু উদ্ধাৰ হোৱা ঘটনাই প্ৰমাণ কৰিলে এই কাৰ্য। AS 01 CC 0074 নম্বৰৰ এখন কণ্টেনাৰ বাহনত অবৈধ ভাবে সৰবৰাহ কৰিছিল ২৫ টাকৈ গৰু। উজনিৰ পৰা নগাওঁ দিশে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হয় গাড়ীখন। গাড়ীখনৰ ভিতৰৰ পৰা ৮ টাকৈ গোধনৰ মৃতদেহ উদ্ধাৰ কৰে পশু চিকিৎসা বিভাগৰ লোকে। ইতিমধ্যে কলিয়াবৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন উদ্ধাৰ কৰি থানা চৌহদলৈ লৈ আনি তদন্ত অব্যাহত ৰাখিছে। গাড়ীখনৰ চালক হেণ্ডিমেন দুয়োয়ে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলিৰ পৰা পলায়ন কৰে বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ । 

No comments