Breaking News

পুথিভঁৰাল "জোনাক" আনুষ্ঠানিকভাৱে অৰ্পণ

 


ডিজিটেল সংবাদ, সোণাৰিঃ সোণাৰি পৌৰ এলেকাৰ অন্তৰ্গত সেউজীয়াপাম অঞ্চলত অৱস্থিত সেউজীয়াপাম আদিবাসী প্ৰাথমিক বিদ্যালয়ত প্ৰয়াত শিক্ষা বিষয়া মনেশ্বৰ দিহিংয়াৰ সোঁৱৰণত নিৰ্মাণ কৰি দিয়া পুথিভঁৰাল "জোনাক" দাতা পৰিয়াল বৰ্গয় আনুষ্ঠানিকভাৱে বিদ্যালয়খনক আজি হস্তান্তৰ কৰে।  এই উদ্দেশ্য অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা জিলা মিছন সম্বনয়ক মৌচুমী চেতিয়া, চৰাইদেউ জিলাৰ বিদ্যালয় সমূহৰ উপপৰিৰ্দশক প্ৰণৱ গগৈ, সোণাৰি খণ্ড মিছন সম্বনয়ক অতুল দাস,প্ৰাক্তন খণ্ড মিছন সম্বনয়ক প্ৰবীন বৰুৱা, ডঃসবিতা সোনোৱাল, প্ৰতিস্থাপক ঊষা হাজৰিকা, প্ৰধান শিক্ষয়িত্ৰী অজন্তা হাজৰিকা,জিলা আচনি বিষয়া দ্ধয় , চি আৰ চি চি মেৰী গগৈ,প্ৰমূখ্য কৰি অতিথি সকলক সম্বৰ্ধনা জনোৱা হয়। বিশিষ্ট অতিথিৰ ভাষণত অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়াই পুথিভড়াল দাতা পৰিয়াল সকলো সদস্যকে ধন্যবাদ জ্ঞাপন কৰে। চৰাইদেউ জিলাৰ বিদ্যালয় সমূহৰ উপপৰিৰ্দশক প্ৰণৱ গগৈয়ে নিদিষ্ট বক্তাৰ ভাষণত প্ৰাক্তন প্ৰয়াত উপপৰিৰ্দশক গৰাকীৰ পৰিয়ালৰ দাতা সদস্য সকলোক ধন্যবাদ জনোৱাৰ লগতে বিদ্যালয়খনত ছাত্ৰ ছাত্ৰী সকলে যাতে গুণগত শিক্ষা পায় সেই কথা নিশ্চিত কৰিবলৈ শিক্ষক শিখয়িত্ৰী সকলক আহ্বান জনায়। অনুষ্ঠানটোত বিদ্যালয়খনৰ ছাত্ৰ ছাত্্ৰৰ   সকলে প্ৰদৰ্শন কৰা সৃষ্টিশীল নৃত্য সকলোকে মন্ত্ৰ মূগ্ধ কৰে। আজিৰ অনুষ্ঠানটো সামগ্ৰিক ভাৱে আত ধৰে ভাস্কৰ বৰুৱাই।

No comments