Breaking News

'গ্ৰামাঞ্চলৰ দিশে প্ৰশাসন'ক মূল বিষয়বস্তু হিচাপে লৈ গোলাঘাটত সু-শাসন সপ্তাহ পালন


ইণ্টাৰনেটৰ জৰিয়তে চৰকাৰী আঁচনিসমূহৰ তথ্য লাভ কৰি সুবিধা আদায় কৰিবলৈ জিলা উপায়ুক্তৰ আহ্বান



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলা প্ৰশাসন আৰু গোলাঘাট পূব উন্নয়ন খণ্ড, পদুমণিৰ উদ্যোগত আজি উন্নয়ন খণ্ড কাৰ্যালয়টোৰ প্ৰেক্ষাগৃহত ''গ্ৰামাঞ্চলৰ দিশে প্ৰশাসন''ক মূল বিষয়বস্তু হিচাপে লৈ সু-শাসন সপ্তাহ পালন কৰা হয় । এই উপলক্ষে আয়োজিত এখন সভাত ভাষণ দি গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই বৰ্তমানৰ ডিজিটেল যুগৰ সৈতে ফেৰ মাৰিব পৰাকৈ ইণ্টাৰনেট আৰু স্মাৰ্টফোনৰ উচিত ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে চৰকাৰৰ প্ৰতিখন আঁচনিৰ বিতং তথ্য ইণ্টাৰনেটত পোৱা যায় । তেওঁ ইলেক্ট্ৰনিক মাধ্যমসমূহক চৰকাৰী আঁচনিৰ তথ্য সংগ্ৰহ আৰু আঁচনিৰ সুবিধা আদায় কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে গোলাঘাট জিলাৰ ৮৫ শতাংশ লোকে নিজৰ আধাৰ কাৰ্ড প্ৰস্তুত কৰিছে যদিও এতিয়াও ১৫ শতাংশ লোক এই বিষয়ত সচেতন হৈ উঠা নাই । তেওঁ ভৱিষ্যত সময়ত আধাৰ ৰেচন কাৰ্ড আৰু অন্যান্য নথিৰ সৈতে সংলগ্ন কৰিব লাগিব বুলি উল্লেখ কৰি সকলোকে নিজৰ আধাৰ কাৰ্ড প্ৰস্তুত কৰিবলৈ আহ্বান জনায় । তেওঁ লগতে কয় যে গোলাঘাট জিলাৰ ১০০ শতাংশ লোকে ক'ভিডৰ প্ৰথম পালি আৰু ৭২ শতাংশ লোকে দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে । তেওঁ দ্বিতীয় পালিৰ সময় হোৱা প্ৰতিজন লোককে বিনাদ্বিধাই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায় । আনহাতে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলক তেওঁ ই-শ্ৰম পৰ্টেলৰ জৰিয়তে শ্ৰমিক কাৰ্ড প্ৰস্তুত কৰিবলৈও আহ্বান জনায় ।


No comments