Breaking News

গোলাঘাট জিলাত ২৫ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ সুৰাপান কৰি বাহন চলোৱা আৰু যানবাহন আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে চলিব ব্যাপক অভিযান



কেইবাটাও স্থানত চলিব আৰক্ষী-আবকাৰী-পৰিবহন বিভাগৰ আকস্মিক অভিযান


ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাত অহা ২৫ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ সুৰাপান কৰি বাহন চলোৱা, হেলমেট পৰিধান নকৰাকৈ মটৰ চাইকেল চলোৱা, বাহনত অত্যধিক বোজা কঢ়িওৱা আৰু যানবাহন আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱা হ'ব । আজি গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই এই নটা দিনত আৰক্ষী, আবকাৰী বিভাগ আৰু জিলা পৰিবহন বিভাগক কঠোৰভাৱে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্দেশ দিয়ে । লগতে তিনিওটা বিভাগক জিলাখনৰ কেইবাটাও স্থানত আকস্মিকভাৱে অভিযান চলাবলৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে । তেওঁ বিশেষভাৱে ৩১ ডিচেম্বৰ আৰু পহিলা জানুৱাৰীৰ দিন দুটাত যাতে দুৰ্ঘটনাত পতিত হৈ কোনো লোকে প্ৰাণ হেৰুৱাবলগীয়া নহয়, সেইয়া সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । বৈঠকত উপায়ুক্তগৰাকীয়ে কয় যে কেৱল চালকেই নহয়, মটৰ চাইকেলত দুজন উঠিলে দুয়োজনেই হেলমেট পিন্ধাটো বাধ্যতামূলক । অন্যথা জৰিমনা বিহা হ'ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে । 

সভাত অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা, অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিত, জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জী, যানবাহন আৰক্ষী, আবকাৰী আদি কেইবাটাও বিভাগৰ বিষয়ববীয়া আৰু প্ৰতিনিধি উপস্থিত আছিল ।  

No comments