Breaking News

ড০ ননীৰূপা চেতিয়াৰ মায়ামৰা সত্ৰৰ বুৰঞ্জী সম্বলিত গৱেষণামূলক প্ৰথমখন গ্ৰন্থ উন্মোচন



ডিজিটেল সংবাদঃ উজনি অসমৰ এটা বৃহত্তম জনগোষ্ঠী হৈছে মটকসকল। মটক জনগোষ্ঠীৰ আছে নিজস্ব ধৰ্ম, ৰীতি-নীতি, পৰম্পৰা তথা চহকী এক সংস্কৃতি। গৱেষক-লেখকসকলে জনগোষ্ঠীটোৰ বিভিন্ন দিশক লৈ লেখা-মেলা, গ্ৰন্থ প্ৰণয়ন আদি কাম কৰি আহিছে। তেনে এক কামৰে আৰু এটি সংযোজন ঘটাবলৈ আজি ডিব্ৰুগড়ৰ হোটেল গাৰ্ডেন ট্ৰীটত এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। “মায়ামৰা সত্ৰৰ ইতিহাসঃ ধৰ্ম, দৰ্শন আৰু প্ৰচলন ব্যৱস্থা” শীৰ্ষক  গ্ৰন্থখনি চাবুৱাৰ ডি ডি আৰ কলেজৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ ননীৰূপা চেতিয়াই প্ৰনয়ণ কৰি উলিয়াইছে। দীৰ্ঘদিনীয়া সময় লৈ তথ্যানুসন্ধান কৰি লিখি উলিওৱা এই গ্ৰন্থখন মায়ামৰা সত্ৰৰ বুৰঞ্জী সম্বলিত গৱেষণামূলক প্ৰথমখন গ্ৰন্থ হোৱাৰ থল আছে বুলি বিষয়টো সন্দৰ্ভত অধ্যয়ন ৰখা একাধিক ব্যক্তিয়ে ইতিমধ্যেই মত প্ৰকাশ কৰিছে। আজি এক গাম্ভীৰ্য্যপূৰ্ণ গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থখন উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চুকাফা আসনৰ অধ্যাপক তথা জনগোষ্ঠীয় ইতিহাস প্ৰণয়নৰ কামত নিয়োজিত হৈ থকা ড০ নীৰোদ বৰুৱাই। গ্ৰন্থখন উন্মোচন কৰি ড০ নিৰোদ বৰুৱাই কয় যে এই গ্ৰন্থখনে বিদ্বৎ সমাজত সমাদৰ লাভ কৰিব কাৰণ গ্ৰন্থখন সম্পূৰ্ণ গৱেষণামূলক পদ্ধতি অনুসৰণ কৰি লিখা হৈছে। তাৰোপৰি ভৱিষ্যতে এই বিষয়ত অধ্যয়ন কৰিবলৈ এই গ্ৰন্থখন সহায়ক হ’ব। সভাখনিত বিশিষ্ট লেখক তথা ডিব্ৰুগড় জিলাৰ লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড০ জুনু মহন্ত, মটক সন্মিলনৰ সভাপতি চান্দ গোহাঁই, ডি. ডি. আৰ. কলেজৰ অধ্যক্ষ ড০ ভূপেন বৰ্মন, প্ৰাক্তন অধ্যাপক তথা মটক সন্মিলনৰ প্ৰাক্তন সভাপতি চন্দ্ৰ সেনাপতি, বিশিষ্ট নাট্যকৰ্মী-অধ্যাপক ড০ দিগন্ত দত্ত, অধ্যাপক প্ৰাঞ্জল ভূঞা, অধ্যাপিকা ড০ প্লাৱিতা দাস, অধ্যাপিকা মৌচুমী ফুকন, য়োগ বিশাৰদ যতীন কোঁৱৰ, লেখক সুমন দত্ত, লেখিকা কবিতা বৰপাত্ৰ গোহাঁই, মঞ্জু গগৈ, অৰুণ বৰপাত্ৰ গোহাঁই, আকাশ দেৱনাথ আদি গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকি চমু বক্তব্যও প্ৰদান কৰে। 

গ্ৰন্থ উন্মোচনী সভাখনিৰ আঁত ধৰে বিশিষ্ট লেখক তথা ডি. ডি. আৰ. কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক লক্ষীনন্দন বৰগোহাঞিয়ে। সভাৰ আৰম্ভণিতে লেখিকা ড০ ননীৰূপা চেতিয়াই গ্ৰন্থখনিৰ বিষয়ে কয় যে মায়ামৰা সত্ৰৰ ইতিহাস তথা এই সত্ৰৰ ধৰ্মীয় দৰ্শন সম্পৰ্কে পাঠক সমাজক অবগত কৰোৱাৰ উদ্দেশ্যেৰে এই গ্ৰন্থখন লিখা হৈছে। কাৰণ মায়ামৰা সত্ৰৰ সামগ্ৰিক বুৰঞ্জী বৰ্তমানলৈকে প্ৰণয়ন কৰা হোৱা নাই আৰু এতিয়াও বহুতো বিষয় গৱেষণাৰ আওতালৈ অহা নাই। 

No comments