Breaking News

স্বাধীনতাৰ সোৱাদ____

 





কবিঃ ৰূপজ্যোতি ফুকন


তিতা নে কেহা

মিঠা নে চোকা

স্বাধীনতাৰ সোৱাদ?


খুদিৰামে নুবুজিলেও

সংগ্ৰাম কৰি কৰি

স্বাধীন নিচান উৰালে


গণতন্ত্ৰই কোন বাটে

বাট ল'ব

কুশলে নুবুজিলেও

ডিঙি পাতি ফাঁচী ললে


স্বাধীন আৰু পৰাধীনৰ

সংজ্ঞা নাজানিলেও

কণকলতা কিম্বা ভোগেশ্বৰীয়েও

বৃটিছৰ ৰঙা চকুক ভয় নকৰি

মুকুতিৰ গীত গাই

ছহিদৰ মালা পিন্ধি

জাতিক জীয়ালে


স্বাধীনতাই অত্যাধুনিকতাৰ ধুমুহাত আৰতি কৰি কৰি

পৰজাৰ অধিকাৰ হৰণ নাট

গণৰ গণতন্ত্ৰ সবাহত ৰাজন সূত্ৰধাৰ।


"ইয়ে আজাদী ঝুঠা"

...,......................

ৰাজ্যে আছে দুইটি পাঠা

একটি কালা একটি চাদা

ৰাভাই কৈ গ'ল

ইতিহাস সঁচা।

No comments