Breaking News

গোলাঘাটত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত চাহ জনগোষ্ঠী কল্যান মন্ত্ৰী সঞ্জয় কিষাণ



স্বচ্ছতা, দায়বদ্ধতা আৰু গতিশীলতাৰে প্ৰশাসনক ৰাইজৰ মাজলৈ নিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধঃ মন্ত্ৰী কিষাণ




ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটতো আজি দেশৰ ৭৩ সংখ্যক গণৰাজ্য দিৱস ক'ভিডৰ স্বাস্থ্যবিধি মানি উদযাপন কৰা হয় । এই উপলক্ষে জিলা সদৰ গোলাঘাটৰ সমন্বয় পথাৰত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত অসম চৰকাৰৰ চাহ জনগোষ্ঠী কল্যান আৰু শ্ৰমিক কল্যান বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে ত্ৰিৰংগ পতাকা উত্তোলন কৰে । তেওঁ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰে । অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে প্ৰথমেই দেশৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ বিসৰ্জন দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে । তেওঁ লগতে ভাৰতীয় সংবিধানৰ প্ৰণেতাসকলৰ প্ৰতিও শ্ৰদ্ধা নিবেদন কৰে । মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত বৰ্তমানৰ চৰকাৰখনে ৰাজ্যৰ লগতে গোলাঘাট জিলাত বিভিন্ন বিভাগৰ যোগেদি ৰূপায়ন কৰা উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে ।



পি এম কিষাণ আচঁনিখনৰ কথা উল্লেখ কৰি তেওঁ কয় যে জিলাখনত এই আঁচনিৰ অধীনত ৫৬,১১৫ জন হিতাধিকাৰী উপকৃত হৈছে । প্ৰসংগক্ৰমে তেওঁ ৰাজ্য চৰকাৰে গোলাঘাটকে ধৰি ছখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰে । আনহাতে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন অভিযান ৰূপায়ন সন্দৰ্ভত তেওঁ কয় যে গোলাঘাট জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ অধীনত ২০২১-২২ বৰ্ষত ২২৩খন পানী যোগান আঁচনি ৰূপায়নেৰে ৬৩,৮৬৪ টা বাসগৃহলৈ টেপযুক্ত পানী যোগানৰ ব্যৱস্থা কৰাৰ লক্ষ্য লোৱা হৈছে । আনহাতে তিনিখন মেগা খোৱাপানী যোগান আঁচনিৰ কাম মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলিও তেওঁ উল্লেখ কৰে । তেওঁ কয় যে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত গোলাঘাট জিলাত ২০ জানুৱাৰীলৈকে ২৮,০৩০গৰাকী গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃয়ে ১১,৫১,১৫,০০০ টকাৰ আৰ্থিক সাহায্য লাভ কৰিছে । আনহাতে এম জি এনেৰেগাৰ অধীনত জিলাখনত ২০২১-২২ বৰ্ষত এতিয়ালৈকে ৭৫,১৯৪টা জবকাৰ্ডপ্ৰাপ্ত পৰিয়ালক ৩৫৮৬.৫৪ লাখ টকা ব্যয়েৰে কাম দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে গোলাঘাট জিলাৰ ঐতিহাসিক ধোদৰ আলিসহ প্ৰায় ২৫০কিলোমিটাৰ দৈৰ্ঘৰ ছটা পথৰ কাম হাতত লোৱা হৈছে । লগতে লোকনিৰ্মান (গৃহ) বিভাগে চাহ বাগিচা অঞ্চলত নিৰ্মাণৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা ১১৯খন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভিতৰত চাৰিখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে । তেওঁ কয় যে জিলাখনৰ মুঠ কৃষিভূমিৰ ১২,১৩০ হেক্টৰ জলসিঞ্চন ব্যৱস্থাৰে সামৰি লোৱা হৈছে । চাহ জনজাতিৰ লোকসকলৰ কল্যানৰ বাবে বৰ্তমানৰ চৰকাৰখনে ভালেমান আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ২০২১-২২ বৰ্ষত ৩২৬১গৰাকী উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ জনগোষ্ঠীটোৰ ছাত্ৰ-ছাত্ৰীক ছাইমন সিং হৰ' বিশেষ জলপানি প্ৰদান কৰা হৈছে । আনহাতে শ্ৰমিক কল্যান বিভাগৰ উদ্যোগত অসমৰ ৬০ লাখৰো অধিক অসংগঠিত খণ্ডৰ শ্ৰমিকৰ নাম ই-শ্ৰম পৰ্টেলত অন্তৰ্ভুক্ত কৰা হৈছে বুলিও তেওঁ কয় । মন্ত্ৰীগৰাকীয়ে জিলাখনৰ তথা ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ বাবে ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ আৰু গঠনমূলক দিহা-পৰামৰ্শ কামনা কৰে । কাৰ্যসূচীত আৰক্ষী, চি আৰ পি এফ আৰু গৃহৰক্ষী বাহিনীৰ জোৱানসকলে কুচকাৱাজ প্ৰদৰ্শন কৰে । 



ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা আৰু আৰক্ষী অধীক্ষক সুমিত শৰ্মাৰ উপস্থিতিত জাতিৰ পিতা মহাত্মা গান্ধী, শ্বহীদ কুশল কোঁৱৰ আৰু শ্বহীদৰ স্মৃতি সৌধত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । 



গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ অংশৰূপে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়, জিলা কাৰাগাৰ আৰু গোলাঘাট নগৰৰ দুখন বৃদ্ধাশ্ৰমত প্ৰশাসনৰ বিষয়াই গৈ ফল-মূল আদি বিতৰণ কৰে । লগতে প্ৰশাসনৰ বিষয়াই মুক্তি যুঁজাৰুসকলৰ ঘৰে ঘৰে গৈ পৰিয়ালৰ লোকক সম্বৰ্ধনা জ্ঞাপন কৰে । 

No comments