Breaking News

নগাঁৱত উপস্থিত পাঞ্জাবৰ দুই কৃষকনেতা মিকিৰ বামুনী ৰায়তী কৃষকৰ কৃষিভূমিৰ ওপৰত অধিকাৰ ঘূৰাই বিচাৰি প্ৰতিবাদ



ডিজিটেল সংবাদ, নগাঁওঃ  নগাঁৱৰ মিকিৰ বামুনী গ্ৰাণ্টৰ ৰায়তী কৃষক নিজৰ কৃষিভূমিৰ ওপৰত অধিকাৰ ঘূৰাই বিচাৰি দিনজোৰা কাৰ্যসূচীৰে নিখিল ভাৰত কৃষক সভা প্ৰমুখ্যে বিভিন্ন দল সংগঠনৰ উদ্যোগত নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সমুখনত এক প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰাৰ যো-জা কৰে। পৰিতাপৰ বিষয় যে গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ'ব নিবিচৰা চৰকাৰখনৰ প্ৰশাসনে উক্ত প্ৰতিবাদী কাৰ্যসূচী বাতিল কৰিবলৈ বাধ্য কৰায়৷ তথাপি নগাঁও ষ্টেট বেংকৰ সমুখত সমৱেত হোৱা কৃষক নেতা জয়ন্ত গগৈ , যুৱ সমগ্ৰামী প্ৰণৱ দলে, অধিবক্তা কৃষ্ণ গগৈ আৰু ইনামুল হুদা, ছাত্ৰনেতা মনোজ সিংহ ৰাজা, চিপিআইৰ ৰাতুল বৰা , জীতু নাথ , লেখক প্ৰত্যুষ ৰঞ্জন ভাগৱতী, দ্বিপ গগৈ , সমাজ কৰ্মী ইশান কোচৰাজবংশী , বিদিশা বৰ্মণ , বসুন্ধৰা জয়ৰথ, বিশিষ্ট কৃষক নেতা সোনেশ্বৰ নৰহ আৰু মিকিৰ-বামুনীৰ কেইবাগৰাকী প্ৰতিবাদকাৰী-কৃষক উপস্থিত হয়৷ আনহাতে মিকিৰ বামুণী কৃষকৰ সংগ্ৰামৰ সমভাগী হ'বলৈ সুদুৰ পাঞ্জাবৰ পৰা নগাঁৱলৈ অহা সংযুক্ত কিষাণ মৰ্চাৰ সৰ্বভাৰতীয় কৃষক নেতা তেজবীৰ সীং আৰু গুৰামীত সিঙে কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ প্ৰতিবাদ কাৰ্যসূচী প্ৰশাসনৰ ফালৰ পৰা বাতিল কৰিবলৈ বাধ্য কৰাৰ পিছতো প্ৰতিবাদকাৰীসকলে কিছু সময়ৰ বাবে উক্ত স্থানত সংবাদ মাধ্যমৰ আগত চৰকাৰৰ এই আন্দোলন বাতিল কৰোৱাক লৈ ক্ষোভ উজাৰে৷ মিকিৰ বামুনী কৃষকৰ ৰায়তী মাটি ঘূৰাই দিয়ক, আজুৰ কোম্পানী মুৰ্দাবাদ, সকলো কৃষক এক হওক, পুঁজিবাদ মুৰ্দাবাদ আদি প্ৰতিবাদী শ্লগানেৰে সমৱেত ৰাইজক জাগ্ৰত কৰি তোলে৷ প্ৰশাসনে বাধা দিলেও কৃষকৰ মাটিৰ ওপৰত থকা অধিকাৰ ঘূৰায় দিবই লাগিব৷ এই আন্দোলন থমকি নৰয় বুলি ৰাতুল বৰা, কৃষ্ণ গগৈয়ে কয়৷ আনহাতে এইখন অসমতে মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰাই হোৱা ভূমি কেলেংকাৰীৰো প্ৰতিবাদ কৰা হয় আৰু তাৰ বাবে উচিত তদন্ত হ'ব লাগে বুলি কৃষ্ণ গগৈয়ে কয়৷


উপায়ুক্ত কাৰ্যালয়ৰ সমুখত মিকিৰ বামুনী ৰায়তী কৃষকৰ প্ৰতিবাদী কাৰ্যসূচী বাতিল হোৱাত পৰৱৰ্তী কাৰ্যসূচী মিকিৰ বামুনীত অনুষ্ঠিত হয়৷ তাতো পাঞ্জাবৰ পৰা অহা দুই কৃষকনেতা আৰু উপস্থিত কৃষক ৰাইজক লগত লৈ এই কৃষক আন্দোলনটো ভৱিষ্যতলৈ গণতান্ত্ৰিকভাৱে চলাই নিয়াৰ ক্ষেত্ৰত আলোচনা হয়৷

No comments