Breaking News

সমাজকৰ্মী ফিজনুৰ আলিৰ মৃত্যুত শোক



ৰত্নেশ্বৰ হাজৰিকা, ঘিলাধাৰীঃ  গোলাঘাট জিলা ঘিলাধাৰী মৌজাৰ হাতীগড় মাটিখোলাৰ নিবাসী বিশিষ্ট সমাজকৰ্মী ,ক্ষুদ্ৰ চাহ খেতিয়ক তথা ব্যৱসায়ী ফিজনুৰ আলি সোমবাৰে উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাত যোৰহাটৰ এখন চিকিৎসালয়লৈ চিকিৎসাৰ বাবে নিয়া হয় ।গুৰুতৰভাৰে অসুস্থ হোৱাত পৰিয়ালৰ লোকে ঘৰলৈ লৈ অনা পথত আজি পুৱা প্ৰায় ৪ বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫৮ বছৰ বয়সত  । মৃত্যুৰ সময়ত সহধৰ্মিনীসহ দুজন পুত্ৰ, এগৰাকী কন্যা , নাতি-নাতিনীকে ধৰি বহু আত্মীয়-স্বাজনক ইহ সংসাৰত এৰি গৈছে । সমাজকৰ্মী ফিজনুৰ আলিৰ  মৃত্যুত অঞ্চলটোত শোকৰ ছা পৰে। তেখেতৰ মৃত্যুত বিভিন্ন দল সংগঠন, ব্যক্তি গভীৰ শোক কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন  কৰিছে ।

No comments