Breaking News

যাত্রাৰ শেষত (২০)



✍পৰিমিতা গোস্বামী 


        দিন আৰু ৰাতি, পোহৰ আৰু আন্ধাৰ মিলি এটা দিন সম্পূৰ্ণ হয় । মানুহৰ জীৱনটোও সম্পূৰ্ণ হয় পোহৰ আৰু আন্ধাৰৰ  মাজেদি  । মানুহৰ জীৱনৰো এচোৱা সময় অপ্ৰত্যাশিত ভাৱে আন্ধাৰৰ চাকনৈয়াত সোমায় পৰে । সেই চাকনৈয়াৰ মাজৰ পৰা কেনেকৈ ওলায় আহি পোহৰৰ সন্ধান পায় সেয়াও ক’ব নোৱৰাকৈয়ে সম্ভৱ হয় । উঘাৰ সূতা ঘূৰাদি মাত্র চক্ৰৱত  ঘূৰি থাকে । আন্ধাৰ পোহৰৰ মাজেদি । উঘাত সূতা থকালৈকে । অংশুৰ জীৱনেও তেনে এটা মোৰেই লৈছে । আঁউসীৰ আন্ধাৰ অতিক্ৰম কৰি জোনটোৱে একলা দুকলাকৈ পূৰ্ণিমাৰ দিশে আগবঢ়াৰ দৰে অংশুৰ জীৱনো পোহৰৰ দিশে আগবাঢ়িছে। “জীৱন জীৱন বৰ অনুপম” । সুখ-দুখ, হাঁহি-কান্দোন, লাভ-লোকচান , প্ৰাপ্তি-অপ্ৰাপ্তি এইবোৰ জীৱনৰে একো একোটা অংশ।   সামান্য সুৰুঙাৰে জীৱনক অনুপম কৰি সজাব পৰাতেই ইয়াৰ সাৰ্থকতা । সুৰুঙাৰ সুযোগলৈ অংশুৱেও জীৱনক আগবঢ়াইছে সাৰ্থকতাৰ দিশলৈ ।


       চাকৰিত জইন কৰাৰ কেইবা মাহো পাৰ হ’ল । এমাহ দুমাহকৈ কেইবা মাহৰো দৰমহা পালে । পইচা যিমান পাওক খৰচৰ বাট সিমান ওলায়। তাৰ মাজতে দৰমহাৰ এটা অংশ সি কৰিম বুলি ভাবি থকা বিশেষ এটা কামৰ বাবে সাঁচি গৈছে । মাকৰ মৃত্যুৰ দিনাই মনতে এটা সংকল্প লৈছিল । সেই সংকল্পটো পূৰ্ণ কৰাৰ হাবিয়াসত সি সঞ্চয়ৰ লগতে মানসিকভাৱে প্ৰস্তুত কৰিছে নিজকে । মাকে লিখা গল্প , কবিতা  , নাটকবোৰৰ হাতে লিখি পাণ্ডুলিপি আকাৰে প্ৰস্তুত কৰিছে। এজন ভাল সমালোচকক পাণ্ডুলিপি কেইখন দেখুৱাই পাতনি লিখাই প্ৰেছত দিব পৰাকৈ সাজু কৰিছে।  মাকৰ ফটোবোৰ আৰু ম’বাইলত থকা আবৃত্তিৰ ভিডিঅ’ বোৰ উলিয়াই এডিটৰ এজনৰ লগত কথা পাতি  এলবাম আকাৰে প্ৰস্তুত কৰিছে । লগতে তাৰ তিনি বছৰ বয়সলৈকে দেউতাকৰ লগত জড়িৎ স্মৃতিবোৰো সন্নিবিষ্ট কৰিছে । এই কামবোৰ সি কাকো নজনোৱাকৈ মনে মনে কৰি আছে । এই কামবোৰ তাৰ চাকৰি জীৱনৰ প্ৰথম আৰু প্ৰধান কাম হিচাবে হাতত লৈছে । কাৰোবাক ক’লে জানোচা তাক হকা-বধা কৰে সেইবাবে তাৰ প্ৰধান পৰামৰ্শ দাতা পেহীয়েক আৰু বৰ্তাককো জনোৱা নাই । সি মাত্র মনেৰে আৰু কামেৰে আগবাঢ়িছে ।  মাকৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীতে কাম কেইটা সম্পূৰ্ণ কৰি এটা স্মৃতি-চাৰণ অনুষ্ঠান পাতি উন্মোচন কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ।


       অংশুৱে কৰিম বুলি হাতত লোৱা কাম কেইটা বহুখিনি আগবাঢ়িল । তাৰ লেপটপত সাঁচি থোৱা “এৰি অহা সোণোৱালী দিন” নামেৰে বনায় থোৱা এলবামটো খুলি এখন এখনকৈ ফটো আৰু ভিডিঅ’ এডিটৰ জনক দিলে । তেওঁ খুব সুন্দৰকৈ এটা ভিচিডি প্ৰস্তুত কৰি দিলে । তাত সন্নিবিষ্ট কৰিলে অংশুৰ শৈশৱৰ পৰা মাক-দেউতাকৰ লগত থকা ফটো, , মাক আৰু দেউতাকৰ বিশেষ বিশেষ সময়ৰ অকলশৰীয়া ফটো , মাকৰ আবৃত্তি , নাটকৰ ডায়লগ , সুন্দৰ কণ্ঠৰে গোৱা গানৰ কিছু অংশ । নাম দিলে “এৰি অহা সোণোৱালী দিন” । “এৰি অহা সোণোৱালী দিন” প্ৰায় পঞ্চল্লিছ মিনিটৰ এখন ছুটি ছবি ৰূপে প্ৰকাশ হ’ল। ইয়াৰ পাছত কিতাপ  কেইখনৰ কামটোও প্ৰেছে প্ৰায় সম্পূৰ্ণ কৰিলে । প্ৰুফ সি নিজেও চালে আৰু বানানৰ ওপৰত ভাল দখল থকা দুজনমান ব্যক্তিকো দেখুৱালে । বানানৰ যাতে ভুল নাথাকে । পাঠকে যাতে আমনি নাপায় সেই বাবে সি যথেষ্ট নজৰ দিলে । কিতাপ এখন মেলিলৈ বাৰ পাচি বানান ভুল হ’লে পঢ়াৰ আমেজেই নাথাকে । লাহে লাহে কিতাপ কেইখনৰ কামো সম্পূৰ্ণ হ’ল । বাকী থাকিল উন্মোচনী পৰ্ব। 


       মাকৰ দ্বিতীয় মৃত্যু তিথি ওচৰ চাপি আহিল । দ্বিতীয় মৃত্যু তিথিৰ শ্রাদ্ধ ভাগ মূল শ্রাদ্ধ বুলি কোৱা হয় । এই মূল শ্ৰাদ্ধ ভাগতে কিতাপ  কেইখন আৰু ভিছিডিটো উন্মোচন কৰিব পৰাকৈ স্মৃতি-চাৰণ অনুষ্ঠানৰো আয়োজন কৰিলে । শ্ৰাদ্ধ ওচৰ চাপি অহাত তাৰ মনৰ কথাবোৰ বৰ্তাক নয়নক প্ৰথমে জনালে। নয়নে তাক একেবাৰেই নিৰাশ নকৰিলে বৰঞ্চ উৎসাহে যোগালে । সেই একে দিনাই সন্ধিয়ালৈ পেহীয়েক নিকিতাকো জনালে । নিকিতায়ো বৰ ভাল পালে । নিকিতাই ক’লে,

:: বৰ ভাল কাম এটা হাতত ল’লি অংশু । ইমান ভাল চিন্তা এটা তোৰ মনলৈ কেনেকৈ আহিল ।

:: কেনেকৈ আহিল কি বুলি ক’ম তোমাক পেহী । মাৰ মৃত্যুৰ দিনাই মই ভাবিছিলোঁ। কেতিয়াবা যদি মোৰ পইচা হয়। মানে চাকৰি হয় তেতিয়া মোৰ চাকৰি জীৱনৰ প্ৰথম কাম এইটোয়েই হ’ব ।

:: হয় নিকি ! বৰ ভাল কাম কৰিলি ।

:: এতিয়াও কামটো হৈ যোৱা  নাই পেহী । উন্মোচন হোৱাৰ পাছতহে সম্পূৰ্ণ হ’ল বুলি ক’ব পাৰিম । তুমি শ্ৰাদ্ধৰ দুদিনমান আগতে আহিবা । পেহাকো ক’বা । ময়ো পেহালৈ ফোন কৰিম সকলো জনায় ।

:: হ’ব দে আমি সপৰিয়ালে যাম বাৰু । তই অলপো চিন্তা নকৰিবি ।

:: আহিবা পেহী তুমি নহ’লে মোৰ দেখোন নিজৰ বুলিবলৈ কোনোৱেই নাই ।

:: যাম যাম বাবা । এতিয়া ফোন ৰাখোঁ । 

:: উম… হ’ব ৰাখা ।

অংশুৱে ফোনটো কাটি দিলে ।


        উন্মোচনৰ বাবে সেই অঞ্চলৰ সাহিত্যৰ লগত জড়িৎ কেইজনমান বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ জনালে । লগতে জিলা আৰু শাখা সাহিত্য সভাৰ বিষয়ববীয়া কেইজন মানকো নিমন্ত্ৰণ জনালে । স্থানীয় স্কুল কেইখনৰ শিক্ষক সকলকো নিমন্ত্ৰণ জনালে । শ্ৰাদ্ধৰ লগতে স্মৃতি-চাৰণ অনুষ্ঠানৰো সমানেই আয়োজন হ’ল। নিমন্ত্ৰণ, বজাৰ-সমাৰ সকলো পূৰ্ণ গতিত চলিল । তাৰ এই আয়োজনত ওচৰ-চুবুৰীয়া, পৰিয়ালৰ সকলোৱে সহায় কৰিলে ।  


      (আগলৈ)

No comments