Breaking News

ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপি বিৰোধী শক্তি সমূহে একত্ৰিত ভাবে এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে জয়ী হোৱাটো নিশ্চিতঃ ভূপেন বৰা



মৃত্যুঞ্জয় দাস, সোণাৰিঃ ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপি বিৰোধী শক্তি সমূহে একত্ৰিত ভাবে এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে জয়ী হোৱাটো নিশ্চিত। নিৰ্বাচনত দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰা বিষয়টো ইতিমধ্যে ৰাজ্যৰ কংগ্ৰেছ সাংসদ সকলৰ উপস্থিতিত কংগ্ৰেছ বিধায়িনী দলৰ যুটীয়া বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ। আজি চৰাইদেউ জিলাৰ নিমনাগড়ত ব্যক্তিগত কাৰ্যসূচী লৈ উপস্থিত হোৱা ভূপেন বৰাই এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে এনেদৰে। আনহাতে অসমক ভালপোৱা, অসমৰ স্বাৰ্থত দীৰ্ঘদিন ধৰি কাম কৰা তথা ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পাছত সৱল ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা এগৰাকী প্ৰাৰ্থীক এই নিৰ্বাচনত প্ৰক্ষেপ কৰা হ'ব। 

আনহাতে বিজেপি বিৰোধী শক্তি সমূহৰ লগত এই সন্দৰ্ভত আলোচনা কৰিবলৈ দলৰ কেইবাগৰাকীও নেতাক দায়িত্ব অৰ্পণ কৰা হৈছে বুলিও মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।


1 comment:

  1. The casino site【VIP】and the best casino site【WG98.VIP】
    And the good news is that there is a lot to enjoy, no matter luckyclub.live what the casino website may be like. The top slot and roulette games are available and there are also

    ReplyDelete