Breaking News

ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত গোলাঘাট জিলাৰ ৫ টা সমষ্টিৰ দুটাত বিজেপি, দুটাত কংগ্ৰেছ আৰু এটাত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীৰ জয়লাভ




ডিজিটেল সংবাদ, গোলাঘাটঃ ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ অধীনৰ গোলাঘাট মহকুমাৰ ৪ টা সমষ্টি আৰু ধনশিৰি মহকুমাৰ এটা সমষ্টিৰ নিৰ্বাচনৰ আজি ভোটগণনা কৰা হয় । ফলাফল অনুসৰি গোলাঘাট মহকুমাৰ চাৰিটা সমষ্টিৰ ভিতৰত দুটা বিজেপিয়ে, এটা অসম গণ পৰিষদে আৰু এটা কংগ্ৰেছ দলে লাভ কৰে । আনহাতে ধনশিৰি মহকুমাৰ অধীনৰ একমাত্ৰ আসনখন কংগ্ৰেছৰ দখললৈ যায়   । 


গোলাঘাট মহকুমাৰ চাৰিটা সমষ্টিত মুঠ ১৩,৮৭৪ টা ভোট বৈধ হোৱাৰ বিপৰীতে ৪৭১ টা ভোট নাকচ হয় । ফলাফল অনুসৰি ১১ নং ঠেঙাল কমাৰগাঁও সমষ্টিত বিজেপিৰ হৰপ্ৰভা ঠেঙালে ৪১৬ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে । তেওঁ ২,৬৯৩ টা ভোট লাভ কৰে । কংগ্ৰেছৰ বিপিন বৰাই ২,২৭৭ টা ভোট লাভ কৰে । সমষ্টিটোত মুঠ ৪,৯৭০টা ভোট বৈধ হোৱাৰ বিপৰীতে ১৯৫টা নাকচ হয় । আনহাতে ১৩ নং কাছমাৰী সমষ্টিত অসম গণ পৰিষদ দলৰ শিখামনি ঠেঙাল বৰুৱাই ৩০১ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে । তেওঁ  ১,১৭৮ টা ভোট লাভ কৰে ।  কংগ্ৰেছৰ জাহ্নৱী শইকীয়াই ৮৭৭ টা ভোট লাভ কৰে । নিৰ্দলীয় প্ৰাৰ্থী পৰীস্মিতা ঠেঙালে ৬৭৬ টা ভোট লাভ কৰে । সমষ্টিটোত মুঠ ২,৭৩১ টা ভোট বৈধ হোৱাৰ বিপৰীতে ৯২টা ভোট নাকচ হয় । ১৪ নং চাউদাংপথাৰ সমষ্টিত কংগ্ৰেছৰ ছায়া ঠেঙালে ৯৭৬ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে । তেওঁ  ২,১৩৯ টা ভোট লাভ কৰে । বিজেপিৰ স্মৃতিৰেখা ঠেঙালে ১,১৬৩ টা ভোট লাভ কৰে । চি পি আইৰ ভাস্কৰ ঠেঙালে ১০৭ টা ভোট লাভ কৰে । সমষ্টিটোত ৩,৪০৯টা ভোট বৈধ হোৱাৰ বিপৰীতে ৯৬টা ভোট নাকচ হয় । ১৫ নং চাউদাংপথাৰ দৈয়াং সমষ্টিত বিজেপিৰ পদ্মেশ্বৰ শইকীয়াই ৪৯২ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে । তেওঁ ১,৬২৮ টা ভোট লাভ কৰে । কংগ্ৰেছৰ উৎপল ঠেঙালে ১,১৩৬ টা ভোট লাভ কৰে । সমষ্টিটোত মুঠ ২৭৬৪টা ভোট বৈধ হোৱাৰ বিপৰীতে ৮৮টা নাকচ হয় । 


আনহাতে ধনশিৰি মহকুমাৰ অধীনৰ ১২ নং গেলাবিল সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী হিৰণ্য বৰাই ২৪৫ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে । তেওঁ ১,২৮৭ টা ভোট লাভ কৰে । বিজেপিৰ মিনালী হাজৰিকা শইকীয়াই ১,০৪২ টা আৰু আম আদমী পাৰ্টিৰ প্ৰাৰ্থী নাৰায়ণ বৰাই ৫৪ টা ভোট লাভ কৰে । সমষ্টিটোত মুঠ ২,৩৮৩টা ভোট বৈধ পোৱাৰ বিপৰীতে ৪১টা ভোট নাকচ হয় । 


উল্লেখযোগ্য যে গোলাঘাট মহকুমাৰ চাৰিটা আৰু ধনশিৰি মহকুমাৰ এটা সমষ্টিৰ বাবে যোৱা ২০ জানুৱাৰীত ভোটগ্ৰহণ কৰা হৈছিল । 


গোলাঘাট মহকুমাৰ চাৰিটা সমষ্টিত ৬৯.১৪ শতাংশ ভোটদান হয় । ১১ নং ঠেঙাল কমাৰগাঁও সমষ্টিত ৫৮.৬৪ শতাংশ, মহিলাৰ বাবে সংৰক্ষিত ১৩ নং কাছমাৰী সমষ্টিত ৭৫.৫৪ শতাংশ, ১৪ নং চাউদাং পথাৰ সমষ্টিত ৭৭.৫৪ শতাংশ আৰু ১৫ নং চাউদাং পথাৰ দৈয়াং সমষ্টিত ৭৭.৩৯ শতাংশ ভোটদান হয় । 


আনহাতে ধনশিৰি মহকুমাৰ অধীনৰ ১২ নং গেলাবিল সমষ্টিত ৭৭.৭১ শতাংশ ভোটদান হয় । গোলাঘাট মহকুমাৰ আটাইকেইটা সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ২০,৭৪৯ জন । ইয়াৰে ১০,৫৭৬ জন পুৰুষ আৰু ১০,১৭৩ গৰাকী মহিলা ভোটদাতা । সমষ্টিকেইটাত মুঠ ১৪,৩৪৫ জন ভোটদাতাই ভোটদান কৰে । ইয়াৰে ৭,১৩১ জন পুৰুষ আৰু ৭,২১৪ গৰাকী মহিলা ভোটদাতা ।

 

১১ নং ঠেঙাল কমাৰগাঁও সমষ্টিত মুঠ ৫,১৬৫ জন ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰে । ইয়াৰে ২,৫৭০জন পুৰুষ আৰু ২,৫৯৫ গৰাকী মহিলা ভোটদাতা । ১৩ নং কাছমাৰী সমষ্টিত ২,৮২৩ জন ভোটদাতাই ভোটদান কৰে । ইয়াৰে ১,৩৯৮ জন পুৰুষ আৰু ১,৪২৫ গৰাকী মহিলা ভোটদাতা ।  ১৪ নং চাউদাংপথাৰ সমষ্টিত মুঠ ৩,৫০৫ জন ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰে । ইয়াৰে ১,৭৬০ জন পুৰুষ আৰু ১,৭৪৫ গৰাকী মহিলা ভোটদাতা । ১৫ নং চাউদাংপথাৰ দৈয়াং সমষ্টিত ২,৮৫২ জন ভোটদাতাই ভোট দিয়ে । ইয়াৰে ১,৪০৩ জন পুৰুষ আৰু ১,৪৪৯ গৰাকী মহিলা ভোটদাতা । 


আনহাতে ধনশিৰি মহকুমাৰ গেলাবিল সমষ্টিত মুঠ ২,৪৪১ জন ভোটদাতাই ভোটদান কৰে । ইয়াৰে ১,২১৩ জন পুৰুষ আৰু ১,২২৮ গৰাকী মহিলা ভোটদাতা 

No comments