Breaking News

ন-গোঁসাই সত্ৰৰ ধৰ্মপ্ৰাণা মহিলাৰ মৃত্যুত শোক



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলা ঘিলাধাৰী মৌজাৰ দহমাইল খূঁটিৰ ন-গোঁসাই সত্ৰৰ সদ্য প্ৰয়াত সত্ৰাধিকাৰ গণেশ বল্লভ গোস্বামীৰ সহধৰ্মিনী, সদৌ অসম কবিতা আবৃত্তি অনুষ্ঠানৰ সম্পাদক ৰাজীৱ গোস্বামীৰ মাতৃ হেমপ্ৰভা গোস্বামীৰ দেওবাৰে সন্ধ্যা পৰলোকপ্ৰাপ্তি হয়। ধৰ্মপ্ৰাণা মহিলাগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৮ বছৰ।  মৃত্যুৰ সময়ত দুজন পুত্ৰ বোৱাৰী নাতি-নাতিনীকে ধৰি বহু আত্যীয়ক ইহ সংসাৰত এৰি থৈ গৈছে । ধৰ্মপ্ৰাণা মহিলা গৰাকী মৃত্যুত অঞ্চলটোৰ ব্যক্তি আৰু অনুষ্ঠান- প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।

No comments