Breaking News

গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ বাকৰিত এক অগতানুগতিক মুকলি নাট 'পাপ্পেটছ্ ফ্ৰ'ম অনাডাৰ প্লে'

 


ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ বাকৰিত দেওবাৰে সন্ধ্যা ৬.০৬ বজাৰ পৰা ড° প্ৰদীপ বড়াৰ ৰচনা আৰু পৰিচালনাৰে 'পাপ্পেটছ্ ফ্ৰ'ম আনাডাৰ প্লে' নামৰ এখন মুকলি নাট প্ৰদৰ্শন কৰা হ'য়। মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ 'জোনাকী চ'ৰা' আৰু উদ্যমিতা বিকাশ, কেৰিয়াৰ মাৰ্গদৰ্শন আৰু নিয়োগ নিশ্চিতকৰণ কোষৰ সহযোগত যোৱা ১২ ডিচেম্বৰ তাৰিখৰ পৰা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজন কৰা নাট কৰ্মশালাৰ প্ৰযোজনা ৰূপে এই নাটখন পৰিৱেশন কৰা হয়। নাটকখনৰ উপস্থাপনৰ ক্ষেত্ৰত মূল নাটকখনৰ আগে আগে ৫.৩৫ বজাৰ পৰা আৰম্ভ কৰা পূৰ্বৰাগৰ পৰিস্থিতিকেইটাই দৰ্শকক যথেষ্ট প্ৰভাৱিত কৰাৰ লগতে নাট্য পৰিৱেশ ৰচনাত বিশেষ ভূমিকা পালন কৰে। মহাবিদ্যালয়খনৰ প্ৰৱেশ পথৰ পৰাই আৰম্ভ কৰা পূৰ্বৰাগে সমগ্ৰ মহাবিদ্যালয়খনকে এখন নাট্য মঞ্চলৈ পৰিৱৰ্তিত কৰি তোলে। গোলাঘাটৰ নাট্যজগতৰ সৈতে জড়িত সপোনজ্যোতি ঠাকুৰকে ধৰি কেইবাজনো গন্য-মান্য ব্যক্তি উপস্থিত থকা নাট্যানুষ্ঠানটোৰ সামৰণিত গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ড° উৎপল শৰ্মা, অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক অনামিকা হাজৰিকা, গোলাঘাটৰ নাট্যকৰ্মী ধ্ৰুৱ কাকতি, অভিনেত্ৰী-আবৃত্তিকাৰ ৰেখাশ্ৰী সন্দিকৈ প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে মত প্ৰদান কৰে।

No comments