Breaking News

শ্ৰীশ্ৰী কাংসপাৰ মাজঠাই সত্ৰৰ অধিকাৰ মিত্ৰধনদেৱ মহন্তৰ দেহাৱসান

 




 

ডিজিটেল ডেস্কঃ ঢেকিয়াজুলি কঁ হাৰ গাঁও স্হিত শ্ৰীশ্ৰী কাংসপাৰ মাজ ঠাই সত্ৰৰ অধিকাৰ,তথা অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক মিত্ৰধন দেৱ মহন্তৰ যোৱা ২০জানুৱাৰী সন্ধ‍্যা প্ৰায় ৭-০০বজাত নিজা গৃহত আকস্মিক  বৈকুণ্ঠগ্ৰামী হোৱাত সত্ৰ বাসীৰ লগতে সমগ্ৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে।উল্লেখ‍্যযে ১৯৪৩ চনত জন্ম গ্ৰহণ কৰা সত্ৰাধিকাৰ গৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তিৰ্নহৈ ১৯৬৪ চনত তিতাবৰ ৰঙাজান কৰঙা জনীয়া প্ৰা:বিদ‍্যালয়ত শিক্ষকৰ পদত নিযুক্তি পায়।ইয়াৰ পাছতেই ঘৰৰ সমীপৰ উজনী কঁহাৰ গাঁও প্ৰা:বি:,কৰঙা খাট প্ৰা :বি:আৰু ঢেকিয়াজুলি সৰুদৈ শইকীয়া প্ৰা:বিদ‍্যালয়ৰ পৰা ২০০১ চনৰ নৱেম্বৰত অৱসৰ লয়। বিদ‍্যালয়ৰ শিক্ষকতাৰ লগতে ১৯৭৩-৭৫ চনত কঁহাৰ গাঁও প্ৰাঞ্জল যুৱ সমাজ প্ৰতিষ্ঠা,প্ৰণামিকা মহিলা সমিতি আৰু প্ৰগতি মইণা পাৰিজাত প্ৰতিষ্ঠা কৰি যুৱ সমাজৰ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসোৎসৱ ৰ মুখ্য পৰিচালকৰ দায়িত্ব লৈছিল।ইয়াৰ পাছতেই ২০১৫ চনত ঐতিহ্য মণ্ডিত শ্ৰীশ্ৰী কাংসপাৰ মাজঠাই সত্ৰৰ সত্ৰাধিকাৰ পদত আলংকৃত হৈ সত্ৰ ভাগি উন্নয়ণৰ লগতে বিভিন্ন প্ৰান্তৰ শিষ‍্য-প্ৰ শিষ্য সকলক শৰণ ভজনে মহাপুৰুষ গুৰুজনাৰ আৰ্দশৰে সত্ৰৰ পৰম্পৰা ধৰি ৰাখিছিল।উল্লেখ‍্য যে আজি প্ৰায় দুদিনৰ পূৰ্বে সত্ৰৰ নামঘৰত সত্ৰাধিকাৰ গৰাকীয়ে নিজাকৈ এভাগি পালনামৰ আয়োজন কৰি ভক্ত বৈষ্ণৱৰ সেঁৱালৈ হঠাত নামঘৰতেই অসুস্থ হৈ পৰে আৰু আকস্মিক বিয়োগ ঘটাৰ খবৰ পাই সত্ৰবাসীৰ লগতে সত্ৰৰ খাটনিয়াৰ,ভক্ত বৈষ্ণৱ, আইসকল,যুৱক যুৱতিৰ লগতে শ্ৰীশ্ৰী মায়ামৰা পুৰণি মাটি সত্ৰ, নাহৰ খাট সত্ৰ,যোৰহাট পটিয়া গাঁৱৰ মদাৰ গুৰি সত্ৰৰ ডেকা সত্ৰীয়া সকল সমবেতহৈ সত্ৰীয়া পৰম্পৰাৰে শ্ৰদ্ধাঞ্জলি জনায়।ইয়াৰ পাছতেই সাংবাদিক পবিত্ৰ মহন্ত,দিলীপ বৰাই আঁতধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সতাধিক গুণমুগ্ধ ৰাইজ,পৰিয়াল বৰ্গ,ককাই ভাই আদিৰ লগতে যোৰহাট জিলা সত্ৰ মহাসভা,যোৰহাট আঞ্চলিক সমন্বিত যুৱতীৰ্থ,আঁঞ্চলিক সত্ৰ মহাসভা,বৰ মাজঠাই সত্ৰ,প্ৰাঞ্জল যুৱসমাজ,মইণা পাৰিজাত,প্ৰণামিকা মহিলা সমিতি আদিয়ে অমায়িক সত্ৰা ধিকাৰ গৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন  কৰে।

সত্ৰাধিকাৰ গৰাকীৰ বিয়োগত ক্ৰমে কাংসপাৰ বৰঠাই সত্ৰৰ অধিকাৰ ঈশ্বৰ কান্ত দেৱ মহন্ত,অসম সত্ৰ মহা সভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্ত,শ্ৰীশ্ৰী গোপালদেৱ সেৱক সমাজ যোৰহাট জিলা আদিকে বিভিন্ন সত্ৰই  গভীৰ শোক প্ৰকাশ কৰে।বিয়োগৰ সময়ত প্ৰায় ৮০ বছৰ বয়সীয়া সত্ৰাধিকাৰ গৰাকীয়ে,পত্নী, দুজন পুত্ৰ,এগৰাকী জী জোঁৱাই, নাতি নাতিনী সহ ভাতৃ, বোৱাৰী ,শিষ‍্য প্ৰ শিষ্য ইহসংসাৰত এৰিথৈ যায়।

No comments