Breaking News

চন্দ্ৰপুৰত বৃদ্ধাবাসৰ দ্বাৰ মুকলি




ডিজিটেল সংবাদ, গুৱাহাটীঃ  গণতন্ত্র দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী মহানগৰীৰ উপকণ্ঠ চন্দ্ৰপুৰ তাঁতীমাৰাত যোৱা ২৬ জানুৱাৰীত এদল শিক্ষিত যুৱক-যুৱতীৰ উমৈহতীয়া প্ৰচেষ্টাত এখনি বৃদ্ধাশ্ৰমৰ শুভাৰম্ভ কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে চন্দ্ৰপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লোনঘমাং লৌবামে। ইয়াৰ পিচতে অসম চৰকাৰৰ ৰাজহ বিভাগৰ সচিব তথা অসম পেঞ্চন আৰু প্রণাম কমিখনৰ পঞ্জীয়ক ডিম্পল বৰুৱাই আশ্রমর্থনিত শুভ উন্মোচন কৰে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে বিশিষ্ট সমাজসেৱক তথা সত্ৰীয়া সংস্কৃতিক সাধক প্ৰণৱ কুমাৰ বৰা, জ্যেষ্ঠ সাংবাদিক ঈশ্বৰ মহন্ত, অসম সত্ৰ মহাসভাৰ প্রধান সম্পাদক কুসুম কুমাৰ মহন্ত, শিৱসাগৰৰ অজয় বৰুৱা, গুৱাহাটীৰ চাকেত চক্রবর্তী, মৃণাল শৰ্মা, সংগীত শিল্পী কৃষাণো কাশ্যপ, ঋতিছ দত্ত হাজৰিকা প্ৰমুখ্যে ভালেসংখ্যক গণ্য-মান্য ব্যক্তি। বর্তমানে উক্ত আশ্ৰমত তিনিগৰাকী বৃদ্ধাক চোৱা-চিতা কৰি থকা হৈছে। বৃদ্ধাশ্ৰমৰ নাম ৰখা হৈছে 'কেশতি আই বৃদ্ধবাস'। উদ্যোক্তাসকলে সহহৃদয় ৰাইজৰ সহায়-সহযোগিতা তথা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছে।

No comments