Breaking News

বিদায় ! মীনা কুমাৰী খ্যাত অনুপমা ভট্টাচাৰ্য....

 


নিউজ ডেস্কঃ অসমীয়া চলচ্চিত্ৰ প্রথম গৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈক যেনেদৰে পৰিচিত ঠিক  তেনে এক পৰিচয় আছিল অনুপমা ভট্টাচাৰ্যৰো।  কাৰণ অনুপমা ভট্টাচাৰ্য আছিল প্ৰথমগৰাকী ভ্ৰাম্যমানৰ অভিনেত্ৰী।  ১৯২৮চনত শিৱসাগৰৰ আমোলাপট্টীত ১৯ আগষ্টত জন্ম হৈছিল অনুপমা ভট্টাচাৰ্যৰ।


 লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিয়ালৰ গোপাল বেজবৰুৱা আৰু গুণদা বেজবৰুৱা কন্যা অনুপমা ভট্টাচাৰ্যই ভ্ৰাম্যমানৰ মঞ্চত অভিনয় কৰিবলৈ গৈ বহু ত্যাগ কৰিব লগা হৈছিল। সেই সময়ত চিনেমা বা মঞ্চত ছোৱালীয়ে অভিনয় কৰাতো সমাজে ভাল দৃষ্টিৰে চোৱা নাছিল। কিন্তু অভিনয় তেওঁৰ প্ৰাণত আছিল। সেয়েহে নাচ, গান, অভিনয়ক তেওঁ নিচা কৰি লৈছিল।


তেওঁৰ প্ৰিয় অভিনেত্ৰী আছিল মীনা কুমাৰী। আৰু তেওঁ অসমৰ অভিনয় জগতত যেন মীনা কুমাৰীৰ এক ভাবমূৰ্তিয়ে থৈ গ’ল। সেয়েহে তেওঁ অসমৰ মীনা কুমাৰী বুলি অভিহীত কৰিছিল। 


ফণী শৰ্মাই পৰিচালনা কৰা ছবি ছিৰাজত অভিনয় কৰাৰ বাবেই তেওঁলোকৰ পৰিয়ালটোক একাষৰীয়া কৰা হৈছিল। ছিৰাজৰ ফাটেমা নামৰ চৰিত্ৰটোত অভিনয় কৰিছিল তেওঁ। তাৰ পিছতেই অভিনয়ে তেওঁৰ সৰ্বোচ্চ হৈ পৰিল। তেওঁ প্ৰায়  ১৪খনৰো অধিক ছবিত অভিনয় কৰিছিল।


ভ্ৰাম্যমানত ১৯৬৩চনতে অভিনয়ৰ বাবে আগবাঢ়ি গৈছিল অনুপমা ভট্টাচাৰ্য। দুবছৰৰ বাবে চুক্তিবদ্ধ হৈছিল অসমৰ প্ৰথমটো ভ্ৰাম্যমান থিয়েটাৰৰ দল নটৰাজত সৈতে। নাটকত তেওঁৰ বলিষ্ঠ অভিনেয়েৰ অগণন নাট্যপ্ৰেমীৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল। 

এইগৰাকী বিদূষী মহিলা তথা অভিনেত্ৰীয়ে আজি সকলোকে কন্দুৱাই চিৰদিনৰ বাবে আতৰি গ’ল।  কোভিডত আক্ৰান্ত অনুপমা ভট্টাচাৰ্য গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছিল। কিন্তু তেওঁ আৰু ঘূৰি নাহিল। চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰিলে বলিষ্ঠ অভিনেত্ৰীগৰাকীয়ে। 


No comments