Breaking News

গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তিলেশ্বৰ বৰগোহাঁইৰ মৃত্যুত শোক



    গোলাঘাট টেনপুৰৰ নিবাসী তথা গোলাঘাট দেৱৰাজ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তিলেশ্বৰ বৰগোহাঁইৰ আজি নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা বৰগোহাঁইৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৭ বছৰ। অতি অমায়িক, বৰগোহাঁইৰ মৃত্যুত সমগ্ৰ নগৰখনতে গভীৰ শোকৰ ছাঁ পৰিছে। ১৯৬০ চনৰ ২২ আগষ্টত দেৱৰাজ ৰয় মহাবিদ্যালয়ত যোগদান কৰি ১৯৮৭ চনত মহাবিদ্যালয়খনৰ অধ্যক্ষ ৰূপে গুৰু দায়িত্ব বহন কৰিছিল। নীতি-নিয়মত অধিক কঠোৰ আৰু চৰকাৰী নীতি-নিয়মৰ মাজেৰে কাম-কাজ নিয়াৰিকৈ চলাই নিছিল বৰগোহাঁইয়ে। গহীন-গম্ভীৰ, সদা নিয়মানুৱৰ্তীতা বজাই ৰাখি নিজৰ কাম-কাজ চলাই যোৱা বৰগোহাঁইক সেয়েহে ছাত্ৰ-ছাত্ৰীৰ পৰা মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, সমূহ ষ্টাফে সমীহ কৰি চলিছিল। ১৯৯৫ চনত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা বৰগোহাঁই আছিল দেৱৰজ ৰয় মহাবিদ্যালয়ৰ প্ৰথমগৰাকী বিজ্ঞান শাখাৰ অধ্যাপক। 

    তেখেতৰ মৃত্যুত দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ পুতুল শইকীয়াৰ লগতে মহাবিদ্যালয় পৰিয়াল, টেনপুৰ নামঘৰ পৰিচালনা সমিতিৰ লগতে বৰগোহাঁইৰ প্ৰাক্তন ছাত্ৰ, অৱসৰপ্ৰাপ্ত অধ্যাপক তথা অসম গণ পৰিষদৰ গোলাঘাট জিলা পৰিষদৰ সভাপতি ড০ নৃপেন বৰুৱাই গভীৰ শোক প্ৰকাশ কৰিছে। 

    শোক প্ৰকাশ কৰি ড০ নৃপেন বৰুৱাই কয় যে, - ‘এগৰাকী শিক্ষকৰ যিখিনি গুণৰ  আৱশ্যক সেই সকলো গুণৰ অধিকাৰী আছিল বৰগোহাঁই ছাৰ, সকলোকে সম দৃষ্টিৰে চোৱা ছাৰ শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নাছিল। শ্ৰেণীত পাঠদানৰ সময়ত নীতি-নিয়মৰ ক্ষেত্ৰত ছাৰ আছিল যথেষ্ট কঠোৰ।’-

    আজি শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে বৰগোহাঁইৰ নশ্বৰ দেহ টেনপুৰ নামঘৰৰ চৌহদ আৰু দেৱৰাজ ৰয় মহাবিদ্যালয়লৈ লৈ অহা হয়। দেৱৰাজ মহাবিদ্যালয়ত অধ্যক্ষ ড০ জয়ন্ত বাৰুকিয়ালৰ লগতে মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীসকলে বৰগোহাঁইৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পন কৰি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 

বৰগোঁহাইয়ে মৃত্যুৰ সময়ত দুজন সন্তানসহ বহু আত্মীয়-স্বজনক এৰি গৈছে।  

জননী লাইভেও বৰগোহাঁই ছাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদন জ্ঞাপন কৰিছোঁ।

No comments