Breaking News

অসমলৈ আহিব তৃণমূল কংগ্রেছৰ ৰাষ্ট্ৰীয় মহাসচিব অভিষেক বেনাৰ্জী



অহা ১১ মে'ত তৃণমূল কংগ্রেছৰ ৰাষ্ট্ৰীয় মহাসচিব অভিষেক বেনাৰ্জী অসমত উপস্থিত হ'ব। সেইদৰে পশ্চিমবঙ্গৰ শাসকীয় দল তৃণমূল কংগ্রেছে উত্তৰ-পূবৰ ৰাজ্যবিলাককো লক্ষ্য কৰিছে। খবৰ অনুসৰি গুৱাহাটী মহানগৰত এটা তৃণমূলৰ কাৰ্যালয় উদ্বোধন কৰিব আৰু লগতে উত্তৰ-পূবৰ লিডাৰ সমূহৰ সৈতে এখন বৈঠকতো মিলিত হ'ব। ২০২৩ ত হ'বলগীয়া ত্ৰিপুৰাত হ'বলগীয়া বিধান সভা নিৰ্বাচনত তৃণমূল কংগ্রেছে জয়ী হোৱাৰ লক্ষ্য আগত ৰাখিছে আৰু অসমকো শক্তিশালী কৰাৰ লক্ষ্য কৰিছে একেদৰে মেঘালয়তো তেওঁলোকে সহায়ৰ দিশে আগবঢ়াই নিয়াৰ লক্ষ্য কৰিছে। তৃণমূল কংগ্রেছৰ অভিযান পোনপ্ৰথমে অসমত 

পঞ্চায়ত নিৰ্বাচনৰ সময়ত আৰম্ভ কৰিছিল। জানিব পৰা মতে, গুৱাহাটী মহানগৰীত শুভাৰম্ভ হোৱা কাৰ্যালয়ত বিভিন্ন দলৰ লোকেও যোগদান কৰিব। তৃণমূল কংগ্রেছে দলটো আগবঢ়াবৰ বাবে বহুতো কাৰ্যসূচী হাতত লৈছে। বেনাৰ্জীয়েও এই বিষয়ত যথেষ্ট গুৰুত্ব দিছে। তৃণমূল কংগ্রেছে শাসকীয় দল ভাৰতীয় জনতা পার্টীক পৰাজিত কৰিবৰ বাবে যথেষ্ট প্ৰয়াস কৰি আহিছে। অসমৰ কংগ্রেছ সভাপতি ৰিপুন বৰায়েও অলপতে কংগ্রেছ ত্যাগ কৰি তৃণমূল কংগ্রেছত যোগদান কৰিছিল। তেওঁ বৰ্তমান তৃণমূল কংগ্রেছৰ সভাপতি।

No comments