Breaking News

ঘূৰ্ণীবতাহ 'আছানি'; পৰৱৰ্তী ৪৮ ঘণ্টাত ক্ৰমান্বয়ে দুৰ্বল হোৱাৰ সম্ভাৱনা



বংগোপসাগৰত হোৱা তীব্ৰ ঘূৰ্ণীবতাহ ‘আছানী’য়ে প্ৰতি ঘণ্টাত ১২০ কিলোমিটাৰ পৰ্যন্ত ঘূৰ্ণীবতাহ  গতিবেগেৰে সোমবাৰে উপকূলীয় অন্ধ্ৰ প্ৰদেশ আৰু উৰিষ্যাৰ ফালে ২৫ কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত আগবাঢ়িছিল। যাৰ ফলত চিন্তিত হৈ পৰিছিল ৰাজ্যদুখনৰ জনসাধাৰণ।  কিন্তু তেনেসময়তে ভাল খবৰ এইয়ে যে অহা দুদিনত ক্ৰমান্বয়ে দুৰ্বল হোৱাৰ সম্ভাৱনা আছে ঘূৰ্ণীবতাহ। এই কথা জানিবলৈ দিছে। বতৰ কাৰ্যালয়ে । 



ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) জাৰি কৰা এক বিশেষ সূত্ৰৰ মতে সোমবাৰে পুৱা ৫:৩০ বজাত বিশাখাপট্টনমৰ পৰা প্ৰায় ৫৫০ কিলোমিটাৰ দক্ষিণ-পূব আৰু পুৰীৰ ৬৮০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পূবত ঘূৰ্ণীবতাহৰ সৃষ্টি হয় বুলি পুৱা ৮:৪৫ বজাত জানিবলৈ দিছে।

এই ঘূৰ্ণীবতাহ মঙলবাৰৰ আগলৈকে উত্তৰ-পশ্চিম দিশে আগবাঢ়ি উত্তৰ অন্ধ্ৰ প্ৰদেশ আৰু উৰিষ্যা উপকূলৰ পৰা পশ্চিম মধ্য আৰু সংলগ্ন উত্তৰ-পশ্চিম বংগোপসাগৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।" বুলিও সদৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে।

"তাৰ পিছত, ই উত্তৰ-উত্তৰ-পূবৰ ফালে পুনৰ ঘূৰি উৰিষ্যা উপকূলৰ পৰা উত্তৰ-পশ্চিম বংগোপসাগৰৰ ফালে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী ৪৮ ঘণ্টাত ই ক্ৰমান্বয়ে ঘূৰ্ণীবতাহত দুৰ্বল হোৱাৰ সম্ভাৱনা আছে,"।


No comments