Breaking News

অসমীয়াৰ লগতে মুঠ ২৪ টা ভাষাত উপলব্ধ হ'ব গুগলৰ অনুবাদ




অসমীয়াৰ লগতে নতুন মুঠ ২৪ টা ভাষা উপলব্ধ হ'ব   গুগলৰ অনুবাদ । অসমীয়াৰ লগতে উত্তৰ পূব ভাৰতৰ মিজো আৰু মণিপুৰী ভাষাও সন্নিবিষ্ট কৰা হ'ব। 


 ভাৰতৰ অন্যতম পুৰণি ভাষা সংস্কৃতও উপলব্ধ হ'ব গুগল অনুবাদ ত। ২০২২ৰ নতুন আপডেট ভাৰ্ছনত এই ভাষা সমূহ উপলব্ধ হব। এতিয়াৰে পৰা গুগল ট্ৰান্সলেটত সমগ্ৰ বিশ্বত ব্যৱহৃত মুঠ ১৩৩ টা ভাষা উপলব্ধ হব।


গুগল ট্ৰান্সলেটত সন্নিবিষ্ট  ২৪ টা নতুন ভাষাৰ  তালিকা-


#অসমীয়া (উত্তৰ-পূব ভাৰতত প্ৰায় ২৫ নিযুত লোকে ব্যৱহাৰ কৰে। 


#ভোজপুৰী (Bhojpuri)(উত্তৰ ভাৰত, নেপাল আৰু ফিজিত প্ৰায় ৫০ নিযুত লোকে ব্যৱহাৰ কৰে)


#মেইটেইলন (Meiteilon)(মণিপুৰী) (উত্তৰ-পূব ভাৰতত প্ৰায় দুই নিযুত লোকে ব্যৱহাৰ কৰে)


#মিজো (Mizo)(উত্তৰ-পূব ভাৰতত প্ৰায় ৮৩০,০০০ লোকে ব্যৱহাৰ কৰে)


#আইমাৰা (Aymara)(বলিভিয়া, চিলি আৰু পেৰুত প্ৰায় দুই নিযুত লোকে ব্যৱহাৰ কৰে)


#বাম্বাৰা (Bambara)(মালীত প্ৰায় ১৪ নিযুত লোকে ব্যৱহাৰ কৰে)


#ধিভেহী (Dhivehi)(মালদ্বীপত প্ৰায় ৩০০,০০০ লোকে ব্যৱহাৰ কৰে)


#ডোগ্ৰী (Dogri)(উত্তৰ ভাৰতত প্ৰায় তিনি নিযুত লোকে ব্যৱহাৰ কৰে)


#ইৱে (EWE)(ঘানা আৰু টোগোত প্ৰায় সাত নিযুত লোকে ব্যৱহাৰ কৰে)


#গুয়াৰানী (Guarani)(পাৰাগুৱে আৰু বলিভিয়া, আৰ্জেণ্টিনা আৰু ব্ৰাজিলত প্ৰায় সাত নিযুত লোকে ব্যৱহাৰ কৰে)


#ইলোকানো (Ilocano)(উত্তৰ ফিলিপাইনছত প্ৰায় ১০ নিযুত লোকে ব্যৱহাৰ কৰে)


#কোংকণী (Konkani)(মধ্য ভাৰতত প্ৰায় দুই নিযুত লোকে ব্যৱহাৰ কৰে)


#ক্ৰিঅ’ (Krio)(চিয়েৰা লিয়নত প্ৰায় চাৰি নিযুত লোকে ব্যৱহাৰ কৰে)


#কুৰ্দিছ (Kurdish)(সোৰানী) (প্ৰায় আঠ নিযুত লোকে ব্যৱহাৰ কৰে, বেছিভাগ ইৰাকত)


#লিংগালা (Lingala) (কংগো গণতান্ত্ৰিক গণৰাজ্য, কংগো গণৰাজ্য, মধ্য আফ্ৰিকান গণৰাজ্য, এংগোলা আৰু দক্ষিণ ছুডান গণৰাজ্যত প্ৰায় ৪৫ নিযুত লোকে ব্যৱহাৰ কৰে)


#লুগাণ্ডা (Luganda)(উগাণ্ডা আৰু ৰৱাণ্ডাত প্ৰায় ২০ নিযুত লোকে ব্যৱহাৰ কৰে)


#মৈথিলী (Maithili)(উত্তৰ ভাৰতত প্ৰায় ৩৪ নিযুত লোকে ব্যৱহাৰ কৰে)



#অৰোমো (Oromo)(ইথিওপিয়া আৰু কেনিয়াত প্ৰায় ৩৭ নিযুত লোকে ব্যৱহাৰ কৰে)


#কুৱেচুয়া (Quechua)(পেৰু, বলিভিয়া, ইকুৱেডৰ আৰু ইয়াৰ চাৰিওফালৰ দেশবোৰত প্ৰায় ১০ নিযুত লোকে ব্যৱহাৰ কৰে)


#সংস্কৃত (Sanskrit)(ভাৰতত প্ৰায় ২০,০০০ লোকে ব্যৱহাৰ কৰে)


#চেপেডি (Sepedi)(দক্ষিণ আফ্ৰিকাত প্ৰায় ১৪ নিযুত লোকে ব্যৱহাৰ কৰে)


#টাইগ্ৰিনিয়া (Tigrinya)(ইৰিট্ৰিয়া আৰু ইথিওপিয়াত প্ৰায় আঠ নিযুত লোকে ব্যৱহাৰ কৰে)


#চোংগা (Tsonga)(এস্বতীনি, মোজাম্বিক, দক্ষিণ আফ্ৰিকা আৰু জিম্বাবোৱেত প্ৰায় সাত নিযুত লোকে ব্যৱহাৰ কৰে)


#টুই (Twi)(ঘানাত প্ৰায় ১১ নিযুত লোকে ব্যৱহাৰ কৰে)


গুগলে জনাইছে যে, এই নতুন ভাষাবোৰ জিৰো-শ্বট মেচিন ট্ৰেন্সলেচন ব্যৱহাৰ কৰি যোগ কৰা হৈছে, য’ত এটা মেচিন লাৰ্ণিং মডেলে কেৱল একভাষিক পাঠ হে দেখে।জিৰো-শ্বট মেচিন ট্ৰান্সলেশ্বনে মূলতঃ কেতিয়াও উদাহৰণ নোচোৱাকৈ আন এটা ভাষালৈ অনুবাদ কৰিবলৈ শিকে। লগতে গুগলে এটা অফিচিয়েল ব্লগপোষ্টত ইয়াকো কয় যে, “যদিও এই প্ৰযুক্তিটো আকৰ্ষণীয়, ই নিখুঁত নহয়” ।

No comments