Breaking News

প্ৰাক্তন প্ৰধানমন্ত্ৰী, মিত্ৰশক্তিক দেশ এৰি যোৱাত নিষেধাজ্ঞা শ্ৰীলংকাৰ আদালতৰ



ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাৰ পৰিৱেশ। চৰকাৰ বিৰোধী আৰু চৰকাৰ সমৰ্থকৰ মাজত হোৱা সংঘৰ্ষই লৈছে চূড়ান্ত ৰূপ। বৰ্তমানলৈকে হিংসাত্মক প্ৰতিবাদত প্ৰাণ গৈছে ৯ জনকৈ লোকৰ। ইয়াৰ মাজতে শ্ৰীলংকাৰ আদালতে প্ৰাক্তন প্ৰধানমন্ত্ৰী, মিত্ৰশক্তিক দেশ এৰি যোৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। 

ৰাজধানী কলম্বোৰ দণ্ডাধীশে আৰক্ষীক শান্তিপূৰ্ণ প্ৰতিবাদকাৰীসকলৰ ওপৰত সোমবাৰে হোৱা জনতাৰ আক্ৰমণৰ তদন্ত নিৰ্দেশ দিছে। উক্ত দিনা শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত হোৱা আক্ৰমণৰ ফলতেই  প্ৰতিশোধমূলক হিংসাৰ ফলত নজন লোকৰ মৃত্যু হৈছিল আৰু ব্যাপক ভাৱে  ধ্বংস হৈছিল। 

উল্লেখ্য যে শ্ৰীলংকাৰ এখন আদালতে বৃহস্পতিবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাকছে, তেওঁৰ ৰাজনীতিবিদ পুত্ৰ নমাল আৰু ১৫ জন মিত্ৰশক্তিক দেশ এৰি যোৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ।

No comments