Breaking News

গোলাঘাটত পুনৰ এজনৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান




আজি  গোলাঘাটৰ জিলা ও সত্ৰ ন্যায়ধীশ বিনোদ কুমাৰ চান্দক আদালতে session case No-19/2020, Golaghat p.s.case No-424/2020 গোচৰটোত বিচাৰৰ অন্তত আচামী অজয় সোনাৰক ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২  ধাৰাত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ১০ হাজাৰ টকাৰ জৰিমণা বিহে ।-এই জৰিমণাৰ অনাদায় হ'লে অতিৰিক্ত ৩  মাহৰ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে উক্ত আইনৰে ৩২৩ধাৰাত এবছৰৰ  কাৰাদণ্ড বিহাৰ লগতে এহেজাৰ টকাৰ জৰিমণা বিহে আৰু উক্ত জৰিমণাৰ অনাদায় হ'লে অতিৰিক্ত এমাহৰ কাৰাদণ্ডৰ ৰায় দান কৰে।

গোচৰটোৰ অভিযোগটো আছিল ২০২০ চন ১০ জুলাইৰ  ৰাতি ১০ বজাত তেওঁৰ আইতাক পদ্ম মায়া সোনাৰ,মাতৃ গঙ্গা সোনাৰ আৰু বায়েক মনিষা সোনাৰক লোহাৰ ৰডেৰে প্ৰহাৰ কৰে আৰু প্ৰহাৰ কৰাৰ ফলত ১১/৭/২০২০তাৰিখে চিকিৎসাধীন অৱস্থাত আইতাক পদ্ম মায়া সোনাৰৰ চিকিৎসালয়ত মৃত্যু হয়। তেওঁলোকৰ ঘৰ আছিল গোলাঘাট জিলাৰ ধনশিৰিপাৰ  শালমৰাত।

ইয়াৰ উপৰিও উল্লেখযোগ্য কথা যে ঘটনাটো প্ৰথম কভিড মহামাৰীৰ লকডাউনৰ সময়ত সংঘটিত হৈছিল যদিও আদালতে অতি ক্ষীপ্ৰতাৰে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি অতি কম সময়ৰ ভিতৰত এই গোচৰৰ ৰায় দান কৰে।এই গোচৰটো গোচৰীয়া পক্ষৰ হৈ চৰকাৰী অধিবক্তা  প্ৰবীণ ঠেঙ্গাল আৰু আচামী পক্ষৰ হৈ অধিবক্তা  প্ৰাঞ্জল গোস্বামীয়ে গোচৰ চলাইছিল।

No comments