Breaking News

কংগ্ৰেছ দীৰ্ঘদিন ধৰি শাসনত আছিল যদিও বিৰোধী দলত কেনেকৈ থাকিব লাগে নাজানে। '



কংগ্ৰেছৰ লোকসকলৰ মাজত এটা সমস্যা আছে। তেওঁলোকে বিশ্বাস কৰে যে আমি দীৰ্ঘদিন ধৰি দেশ শাসন কৰিছোঁ। যেতিয়া মানুহে খং কৰে, তেওঁলোকে নিজেই চৰকাৰক উৎখাত কৰিব আৰু তাৰ পিছত আমি শাসনত বহিম। কংগ্ৰেছৰ মতে ‘আমি সকলো জানো আৰু দীৰ্ঘদিন ধৰি চৰকাৰত আছো। ' এই মন্তব্য আমাৰ নহয় এই মন্তব্য কৰিছে কংগ্ৰেছৰ সৈতে দীৰ্ঘদিন ধৰি আলোচনা কৰাৰ পাছতো কংগ্ৰেছত যোগদান নকৰা  প্ৰশান্ত কিশোৰৰ।

প্ৰশান্ত কিশোৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে কংগ্ৰেছৰ নেতাসকলে বিশ্বাস কৰে যে চৰকাৰখন ৰাইজে নিজেই উৎখাত কৰিব আৰু তেওঁলোকে ক্ষমতা লাভ কৰিব। লগতে তেওঁ কয়  কংগ্ৰেছ দীৰ্ঘদিন ধৰি শাসনত আছিল যদিও বিৰোধী দলত কেনেকৈ থাকিব লাগে নাজানে। ' 

ইণ্ডিয়ান এক্সপ্ৰেছৰ এক কাৰ্যসূচীত ভাষণ প্ৰদান কৰি প্ৰশান্ত কিশোৰে কয় যে কংগ্ৰেছ হৈছে দেশৰ মুখ্য বিৰোধী দল, যি কেইবা দশক ধৰি শাসনত আছিল।  কিন্তু তেওঁ কেনেকৈ বিৰোধীতাত থাকিব লাগে শিকিব লাগিব। সংবাদ মাধ্যমই আমাক একেবাৰে কভাৰ কৰা নাই এনেধৰণৰ কথা কৈ দায় সাৰিলে নহ’ব। ইয়াৰ ফলত এনে লাগে যে তেওঁলোক ক্ষমতাত থকাত অভ্যস্ত হৈ পৰিছে আৰু মানুহে আজি তেওঁলোকৰ কথা শুনা নাই, সেয়েহে তেওঁলোক বিৰক্ত হৈছে।  

বৰ্তমান কোনো এটা দলে বিজেপিক প্ৰত্যাহ্বান জনাব নোৱাৰে। ইয়াৰ বাবে তেওঁ কংগ্ৰেছৰ উদাহৰণ দি কয় যে ১৯৫০ চনৰ পৰা ১৯৯০ ৰ দশকলৈকে আমি দেখিছো যে কোনো এটা দলে কংগ্ৰেছক প্ৰতিহত কৰিবলৈ সক্ষম হোৱা নাছিল। বহুসময় লাগিছিল।  যদিহে এই সময়ত প্ৰত্যাহ্বান জনাব নোৱাৰে  তেন্তে আহিবলগীয়া দীঘলীয়া সময় বিজেপিৰ হাততে শাসনভাৰ  থাকিব। 

তেওঁ আৰু কয় যে যদি এটা দলে একলেই যদি  বিজেপিক পৰাজিত কৰিব পাৰিম বুলি ভাবিছে  তেন্তে এয়া ভুল। কংগ্ৰেছ ১৯৮৪ চনৰ পৰা নিৰন্তৰ অৱনতিৰ অৱস্থাত আছিল। ২০০৪ চনত, কংগ্ৰেছ চৰকাৰে ১৪৫ খন আসন লাভ কৰি চৰকাৰ  গঠন কৰা কৰিছিল।  কিন্তু বৰ্তমান  নিৰন্তৰ হ্ৰাস হৈ আহিছে। 

No comments