Breaking News

খুচুৰা মুদ্ৰাস্ফীতি ৮ বছৰৰ সৰ্বাধিক ৭.৭৯% লৈ বৃদ্ধি হৈছে




খুচুৰা মুদ্ৰাস্ফীতি বাৰ্ষিক ভিত্তিত এপ্ৰিলত আঠ বছৰৰ সৰ্বোচ্চ ৭.৭৯ শতাংশলৈ বৃদ্ধি পাইছে। খাদ্যৰ অত্যাধিক মূল্যৰ বাবে, একেৰাহে চতুৰ্থ মাহৰ বাবে আৰবিআইৰ উচ্চ সহনশীলতাৰ স্তৰৰ ওপৰত থকাৰ বাবে এনেদৰে বৃদ্ধি পাইছে।


উপভোক্তা মূল্য সূচকৰ (চিপিআই) ওপৰত আধাৰিত মুদ্ৰাস্ফীতি এই বছৰৰ মাৰ্চত ৬.৯৫ শতাংশ আৰু ২০২১ চনৰ এপ্ৰিলত ৪.২৩ শতাংশ আছিল।

খাদ্যৰ বাস্কেটত মুদ্ৰাস্ফীতি এপ্ৰিলত ৮.৩৮ শতাংশলৈ বৃদ্ধি পাইছে যি পূৰ্বৰ মাহত ৭.৬৮ শতাংশ আছিল।


ভাৰতীয় ৰিজাৰ্ভ বেংকক চৰকাৰে নিৰ্দেশ দিছে যাতে দুয়োফালে ২ শতাংশৰ মাৰ্জিনৰ সৈতে মুদ্ৰাস্ফীতি ৪ শতাংশত থাকে।

২০২২ চনৰ জানুৱাৰীমাহৰ পৰা খুচুৰা মুদ্ৰাস্ফীতি ৬ শতাংশৰ ওপৰত আছে।


যোৱা সপ্তাহত আৰবিআইৰ অফ-চাইকেল মুদ্ৰা নীতি সমিতিৰ (এমপিচি) বৈঠকৰ পিছত, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে কৈছিল যে চলিত ভূ-ৰাজনৈতিক পৰিস্থিতিৰ ফলত অভূতপূৰ্ব উচ্চ বিশ্বব্যাপী খাদ্যমূল্যৰ প্ৰতিকূল প্ৰভাৱ ঘৰুৱা বজাৰতো প্ৰতিফলিত হৈছে, আৰু  বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে লগতে মুদ্ৰাস্ফীতিৰ চাপ অব্যাহত থকাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।


No comments