Breaking News

প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰানিল বিক্ৰমসিংহ পুনৰ শ্ৰীলংকাৰ নতুন প্ৰধানমন্ত্ৰীৰ ৰূপত




শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে দেশখনৰ নতুন প্ৰধানমন্ত্ৰীৰ ৰূপত দায়িত্ব প্ৰদান কৰে জ্যেষ্ঠ নেতা ৰানিল বিক্ৰমসিংঘেক।চাৰিবাৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত থকা বিক্ৰমসিংঘেক ২০১৮ চনৰ অক্টোবৰ মাহত ৰাষ্ট্ৰপতি মৈত্ৰীপালা ছিৰিছেনাই প্ৰধানমন্ত্ৰীৰ পদৰ পৰা বহিস্কাৰ কৰিছিল। কিন্তু মাত্ৰ দুমাহৰ পিছতে ছিৰিছেনাই তেওঁক পুনৰ এই পদত নিযুক্তি দিয়ে।শ্ৰীলংকাৰ ২২৫ জনীয়া সংসদত ৰানিল বিক্ৰমসিংঘেৰ ইউনাইটেড নেশ্যনেল পাৰ্টি (ইউএনপি)ৰ মাত্ৰ এখন আসন আছে।জানিব পৰা মতে, প্ৰধানমন্ত্ৰী পদৰ বাবে বিক্ৰমসিংঘেই সকলো পক্ষৰ সমৰ্থন লাভ কৰিছে। মাত্র  ৬ মাহৰ বাবে তেওঁক নিযুক্তি দিয়া হৈছে।ৰানিল বিক্ৰমসিংঘেক এজন ৰাজনেতা হিচাপে গণ্য কৰা হয়।

No comments