Breaking News

ইউএইৰ ৰাষ্ট্ৰপতি শ্বেখ খলিফা বিন জায়েদ আল-নাহিয়ানৰ ৭৩ বছৰ বয়সত মৃত্যু



সংযুক্ত আৰৱ আমিৰাতৰ ৰাষ্ট্ৰপতি শ্বেখ খলিফা বিন জায়েদ আল-নাহিয়ানৰ শুকুৰবাৰে ৭৩ বছৰ বয়সত মৃত্যু হয় বুলি ৰাজ্যিক সংবাদ মাধ্যমত প্ৰকাশ পাইছে। দীৰ্ঘসময় ধৰি অসুস্থতা হৈ থকা আজি মৃত্যুৰ ওচৰত হাৰ মানে শ্বেখ খলিফা বিন জায়েদ আল-নাহিয়ানে।

"ৰাষ্ট্ৰপতি পৰিক্ৰমা মন্ত্ৰালয়ে , ইউএইৰ জনসাধাৰণ, আৰৱ আৰু ইছলামিক ৰাষ্ট্ৰসমূহ আৰু বিশ্ববাসীয়ে শ্বেখ খলিফা বিন জায়েদ আল-নাহিয়ানৰ মৃত্যুত শোক প্ৰকাশ কৰিছে,।

মন্ত্ৰালয়ে শুক্ৰবাৰৰ পৰা পতাকা অৰ্ধনমিত কৰি ৰাখি ৪০ দিনৰ শোক ঘোষণা কৰাৰ লগতে প্ৰথম তিনি দিনৰ বাবে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ কাম-কাজ স্থগিত ৰাখিছে।

শ্বেখ খলিফাই ২০০৪ চনৰ নৱেম্বৰত ইউ.এ.ই.-ৰ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।

২০১৪ চনৰ পৰা তেওঁক মাজে মাজে হে ৰাজহুৱা স্থানত দেখা পোৱা গৈছিল। মৃত্যুৰ খবৰ বিয়পি পৰিছে যদিও মৃত্যুৰ কাৰণ বৰ্তমানলৈকে মুকলি কৰা হোৱা নাই। 


মহম্মদ বিন জায়েদে শুকুৰবাৰে টুইট কৰি কয় যে, "এমিৰেটে এগৰাকী সৎ পুত্ৰ আৰু 'সৰ্বশক্তিমান পৰ্যায়'ৰ নেতা হেৰুৱালে।

"তেওঁৰ স্থিতি, সাফল্য, জ্ঞান, উদাৰতা আৰু সঠিক পদক্ষেপ সমূহ দেশৰ প্ৰতিজন নাগৰিকে মনত ৰাখিব।


No comments