Breaking News

গোলাঘাট জিলা সত্ৰ ন্যায়ধীশ বিনোদ কুমাৰ চান্দক আদালতে শুক্ৰবাৰে দুটা পৃথক গোচৰত দুজন আচামীক দোষীৰ ৰায় দান দিয়ে।





গোলাঘাট জিলা সত্ৰ ন্যায়ধীশ বিনোদ কুমাৰ চান্দক আদালতে শুক্ৰবাৰে  দুটা পৃথক  গোচৰত দুজন আচামীক দোষীৰ  ৰায় দান দিয়ে।

তাৰে এটা session case No -10/2020, বৰপথাৰ p,s case no-190/2019 গোচৰত আচামী বিকাশ বাঢ়ৈক আদালতে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২  ধাৰাত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ১০ হাজাৰ টকাৰ জৰিমণা বিহে লগতে এই জৰিমণাৰ অনাদায় হ'লে অতিৰিক্ত ৩ মাহৰ কাৰাদণ্ডৰে দণ্ডিত কৰে। এই গোচৰৰ অভিযোগটো আছিল ২০১৯ চনৰ ১৭ ডিচেম্বৰত বৰপথাৰ জালজৰি গাঁৱৰ  বিকাশ বাঢ়ৈয়ে তেওঁৰ পত্নীক ৰাতি  কপিদাৰে কাটে আৰু পৰবৰ্তী সময়ত চিকিৎসালয়ত তেওঁৰ পত্নীৰ মৃত্যু হয়।

আনটো গোচৰ session case No 34/2019 চুঙাজান  p,s case No 6/2019  গোচৰত আচামী ৰাজেশ্বৰ ৰায়ক ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৪, ভাগ ২ ধাৰাত ৭ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ১০ হাজাৰ টকাৰ জৰিমণা বিহে আৰু জৰিমণা অনাদায় হ'লে অতিৰিক্ত ২  মাহৰ কাৰাদণ্ডৰে দণ্ডিত কৰে। এই গোচৰৰ অভিযোগটো আছিল চুঙাজান থানাৰ অন্তৰ্গত ৰায়পথাৰ গাঁৱৰ ৰাজেশ্বৰ ৰায়ে একে গাঁৱৰে জিতেন ৰায়ক কোৰেৰে আক্ৰমণ কৰি হত্যা কৰে ।

এই দুয়োটা গোচৰ গোচৰীয়া পক্ষৰ হৈ চৰকাৰী অধিবক্তা প্ৰবীণ ঠেঙ্গালে গোচৰ চলাইছিল।

No comments