Breaking News

কামৰূপৰ ৰাইপাটৰ এটা পৰিয়ালৰ ৩ জনে লাভ কৰিলে ইউ বি কনিষ্টবলৰ চাকৰি

 


পঙ্কজ নাথ, কামৰূপঃ  দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হব নোৱাৰে। এইবাৰ অসম আৰক্ষীৰ কনিষ্টবল পদৰ পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰি বহু দৰিদ্ৰ ঘৰৰ ল’ৰা ছোৱালীয়ে পালে নিজৰ কৰ্মসংস্থান। পোন প্ৰথমবাৰৰ বাবে যেন অনুষ্ঠিত হল এক নিকা পৰীক্ষা। যাৰ বাবে হাহি বিৰিঙিল বহু দৰিদ্ৰ তথা মধ্যবিত্ত পৰিয়ালৰ ঘৰত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লেখিয়াকৈ কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত ৰাইপাটৰ এটা দৰিদ্ৰ পৰিয়ালৰ ৩ যুৱকে সদ্য ঘোষিত ইউ বি কনিষ্টবলৰ পৰীক্ষাত সফলতা অৰ্জন কৰি অসম আৰক্ষীত নিযুক্তি লাভ কৰিবলৈ সক্ষম হয়। একে পৰিয়ালৰ শৈলেন্দ্ৰ দাস, টিকেন্দ্ৰ দাস, সৌৰভ দাসে অসম আৰক্ষীত লাভ কৰে নিযুক্তি। ইয়াৰ দুজন সহোদৰ ভাই ককাই আৰু আনজন খুৰাকৰ লৰা। উল্লেখ্য যে সেইখন পৰিয়ালৰে ছোৱালী অৰ্পণা দাসেও টেটত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও ৰাইপাটৰে কংকনজ্যোতি দাস আৰু ৰাজীৱ দাসেও কাইলৈ লাভ কৰিব চৰকাৰে প্ৰদান কৰা নিযুক্তি পত্ৰ। ৰাইপাটৰ এই কেইজন দৰিদ্ৰ ও মধ্যবিত্ত ঘৰৰ যুৱক যুৱতীৰ সফলতাত সকলোৱে আনন্দিত হৈছে আৰু বিজেপি চৰকাৰৰ এইবাৰৰ এই নিযুক্তি প্ৰক্ৰিয়াক শলাগ লৈ আগলৈ এনেধৰণেৰে স্বচ্ছ নিকা নিযুক্তি প্ৰক্ৰিয়া চলাই দুখীয়া নিচলাকে আদি কৰি সকলো মেধা সম্পন্ন যুৱক যুৱতীক উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰিছে।

No comments