Breaking News

বোকাখাতৰ বিশিষ্ট ব্যৱসায়ী দুলুমনি শইকীয়াৰ মৃত্যু




অজন্তা তালুকদাৰ, বোকাখাতঃ বোকাখাতৰ কৰৈআটি গাঁও নিবাসী বোকাখাতৰ বিশিষ্ট ব্যৱসায়ী দুলুমনি শইকীয়া (৫২)ৰ আজি স্বাস্থ্যজনীত কাৰণত মৃত্যু হয়। বিগত কিছুদিন পূৰ্বে অসুস্থ শইকীয়াক বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰাৰ পাছত যোৰহাটলৈ লৈ যোৱা হয়। কিন্তু উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী পৰ্যায়ত গুৱাহাটীলৈ লৈ যোৱা হয়। গুৱাহাটীৰ আয়ুৰসুন্দ্ৰা হস্পিটেলত চিকিৎসাধীন হৈ থকা অৱস্থাতে আজি মৃত্যুৰ ওচৰত হাৰ মানে শইকীয়াই। বোকাখাতৰ কেইবাটাও সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত আৰু বোকাখাতৰ সমাজ জীৱনৰ সৈতে আজীৱন সংপৃক্ত শইকীয়াৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। প্ৰয়াত শইকীয়া অসম ৰাজ্যিক পৰিবহন নিগমৰ কৰ্মচাৰী প্ৰয়াত কনক শইকীয়াৰ জ্যেষ্ঠ পুত্ৰ। মৃত্যুৰ সময়ত শইকীয়াই কনিষ্ঠ ভাতৃ, এগৰাকী ভগ্নী আৰু বোকাখাত শংকৰদেৱ শিশু বিদ্যা নিকেতনত কৰ্মৰত পত্নী অনু শইকীয়া আৰু একমাত্ৰ জী-জোঁৱাই, পৰিয়াল-পৰিজন আৰু বহু গুণমুগ্ধক এৰি থৈ গৈছে।  

No comments