Breaking News

ধন আত্মসাৎ কৰা ঠিকাদাৰক থানালৈ চোচৰাই আনিলে কৰ্কট ৰোগীয়ে।



শচীন বৰা, মাজুলীৰঃ মাজুলী জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত শুক্ৰবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। মাজুলী গড়মূৰত মিনি সচিবালয় নিৰ্মাণৰ কামত দুৰ্নীতি সংঘটিত কৰা ঠিকাদাৰ মুন্না আহমেদৰ মেনেজাৰক উপায়ুক্ত কাৰ্যালয় পৰাই ডিঙিত ধৰি থানা লৈ চোচৰাই আনিলে কৰ্কট ৰোগীয়ে।দীৰ্ঘ দিনে মাজুলীৰ বহু কেইগৰাকী ব্যক্তিৰ লাখ লাখ টকা খাই থগন দি আহিছিল মুন্না আহমেদ নামৰ বিতৰ্কিত ঠিকাদাৰ জনে।গুৱাহাটীৰ মুন্না আহমেদ নামৰ ঠিকাদাৰ জনৰ মেনেজাৰ গৰাকী আজি মাজুলীলৈ বিশেষ কামত অহা খবৰ পাই উপায়ুক্ত কাৰ্যালয় তে আবদ্ধ কৰে টকা পাবলৈ থকা ব্যক্তি কেইগৰাকীয়ে।


কিৰণ নাথ নামৰ ব্যক্তি জন কৰ্কট ৰোগত আক্ৰান্ত আছিল আৰু বাৰম্বাৰ পাবলৈ থকা টকা বিচাৰি আহিছিল দীৰ্ঘ দিন ধৰি।মুন্না আহমেদ ৰ বিৰুদ্ধে গড়মূৰ থানাত গোচৰ।

No comments