Breaking News

গোলাঘাট পৌৰসভাৰ প্ৰশংসনীয় পদক্ষেপ


চকবজাৰৰ যান-জঁট, ফুটপাথৰ ওপৰত বহা অবৈধ ব্যৱসায় আদিৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ




গোলাঘাট নগৰৰ নৱগঠিত পৌৰসভাখনে পৌৰ সভানেত্ৰী দুলুমনি বৰবৰা আৰু উপ-পৌৰপতি সীমান্ত বৰাৰ নেতৃত্বত সাধাৰণ ৰাইজৰ সুবিধাৰ্থে প্ৰথম পদক্ষেপ হিচাপে ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে স্বচ্ছতাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ পৌৰসভাৰ পুৰষ্কাৰ পোৱা গোলাঘাটৰ সুনাম অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যে যোৱা দুটা দিন ধৰি চকবজাৰ এলেকাৰ বিশৃংখল পৰিৱেশৰ পৰ্যবেক্ষণ কৰি বজাৰখন স্বচ্ছ আৰু শৃংখলাবদ্ধভাৱে ৰাখিবলৈ ব্যৱসায়ী সকলক অনুৰোধ জনায় আৰু যিবিলাক ব্যৱসায় প্ৰতিস্থানে অবৈধভাৱে তেওঁলোকৰ বিক্ৰয় সামগ্ৰীসমূহ ফুটপাথ পৰ্যন্ত উলিয়াই ৰাখিছে তেখেতসকলক সেইখিনি নিজৰ প্ৰতিস্থানৰ সীমাৰ ভিতৰত ৰাখিবলৈ মৌখিক নিৰ্দ্দেশ দিয়ে।  অন্যথা পৰৱৰ্তী পৰ্যায়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি স্পষ্ট কৰি দিয়ে৷ 



লগতে যিসকল পাচলি আদি অন্যান্য বেপাৰীয়ে নিৰ্দিষ্ট কিছুমান ঠাই অবৈধভাৱে অধিকাৰ কৰি আছে, তেওঁলোককো দুই তিনিদিনৰ ভিতৰতে পৌৰসভাই নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট ঠাইলৈ স্থানান্তৰিত হ'বলৈ উপ-পৌৰপতি সীমান্ত বৰাই নিৰ্দেশ দিয়ে। লগতে এইক্ষেত্ৰত উপ-পৌৰপতিগৰাকীয়ে কয় যে, গোলাঘাট শান্তিপুৰ অঞ্চলৰ এটা ভঙা লোহা লক্কৰৰ ব্যৱসায় কৰা প্ৰতিস্থানে বহু দিনৰ পৰা ৰাস্তাৰ কাষতে ভঙা লোহা, গাড়ী আদি দ'মাই থোৱাত পৰিৱেশটো যথেষ্ট কৰ্দয্যময় হোৱাৰ উপৰিও স্থানীয় ৰাইজৰ যথেষ্ট আপত্তি আহি আছিল৷ ইতিমধ্যে পৌৰপতি দুলুমনি বৰবৰাৰ নেতৃত্বত যোৱা এটা দলে উক্ত প্ৰতিস্থানৰ স্বত্বাধিকাৰীক মৌখিক নিৰ্দেশ দিয়াৰ পাছতেই উক্ত এলেকাটোও পৰিষ্কাৰ কৰি বেৰা দি সামগ্ৰীখিনি ৰখাৰ ব্যৱস্থা কৰি বহুদিনীয়া সমস্যা এটাৰ সমাধান কৰে৷



 পৌৰসভাখনে ৰাইজৰ সৈতে একেলগ হৈ ৰাইজৰ হকে, গোলাঘাট নগৰখনৰ উন্নয়নৰ হকে লগতে এখন সুন্দৰ, স্বচ্ছ-নিকা গোলাঘাট সজাই তোলাৰ মানসেৰে ৰাইজৰ সহযোগিতা আশা কৰিছে৷

No comments