Breaking News

নৱম স্থান দখলেৰে কলা শাখাত গোলাঘাটলৈ গৌৰৱ কঢ়িয়ালে ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৰাস্না গগৈয়ে…



উচ্চতৰ মাধ্যমিক কলা শাখাৰ চূড়ান্ত পৰীক্ষাত উজ্বলিল গোলাঘাটৰ ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। গোলাঘাটৰ পৰা একমাত্ৰ এই বিদ্যালয়খনৰ এগৰাকী ছাত্ৰীয়ে স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে এগৰাকী মেধাৱীয়ে। ৰাস্না গগৈ নামৰ ছাত্ৰীগৰাকীয়ে  কলা শাখাত ৪৭৪নম্বৰ লাভ কৰি শীৰ্ষ দহটা স্থানৰ ভিতৰত নৱম স্থান লাভ কৰি বিদ্যালয়ৰ লগতে গোলাঘাটলৈ গৌৰৱ কঢ়িয়ালে। গোলাঘাটৰ বিপিন ফুকন নগৰৰ নিৱাসী ৰাজুমণি গগৈ আৰু পৰী শইকীয়াৰ কন্যা ৰাস্নাৰ এই সফলতাত শিক্ষানুষ্ঠানখনৰ লগতে সমগ্ৰ জিলাখনতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।

No comments