Breaking News

টীয়ক পৌৰসভাৰ মেজিক ষ্টেণ্ডৰ প্ৰসংগ, কাৰ্যবাহী বিষয়াৰ সৈতে বৈঠক জাতীয় সংগঠনৰ

 


ডিজিটেল সংবাদ,টিয়কঃ টীয়ক পৌৰসভাই টীয়কৰ মেজিক ষ্টেণ্ড এজন লেচিক গতাই দিয়াৰ পাছত ক্ষোভত ফাটি পৰিছিল ৰাইজৰ লগতে বিভিন্ন দল-সংগঠন। টীয়ক পৌৰসভাৰ কাৰ্যালয়ত এখনি বিশেষ আলোচনাৰ ব্যৱস্থা কৰিছিল টীয়ক পৌৰসভাৰ পৌৰপতি লাকী গগৈ বৰবৰাই। উক্ত আলোচনাৰ পাছত মেজিক ষ্টেণ্ডটো স্থান নিৰ্ধাৰণ কৰা ঠাইলৈ নিয়াৰ ব্যৱস্থা কৰিছিল আৰু মাচুল হ্ৰাস কৰাৰ সিদ্ধান্ত হৈছিল। তাৰ পৰৱৰ্তী পৰ্য্যায়ত টীয়ক হস্পিটেল তিনিআলিৰ পৰা মেজিকসমূহৰ পৰা মাচুল সংগ্ৰহক লৈ সৰ্বত্তে আলোচনা চলি থকাৰ সময়ত আজি টীয়ক পৌৰসভাৰ কাৰ্যবাহী বিষয়া সৌভিক ভূঞাৰ সৈতে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ৰন্টু ভূঞা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিৰ সভাপতি হিমাংশু বৰুৱা, সম্পাদক প্ৰশান্ত দত্ত, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল দত্ত তথা ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধিৰ উপস্থিতিত নীতিবৰ্হিভূতভাৱে টীয়কৰ হস্পিটেল তিনিআলিত মেজিকৰ পৰা মাচুল সংগ্ৰহৰ সম্পৰ্কত আমি কৰা এলানি আলোচনাৰ জৰিয়তে জাতীয় সংগঠনকেইটাই উত্থাপন কৰা হস্পিটেল তিনিআলিত মাচুল সংগ্ৰহ কৰি থকা বিষয়টো তাৎক্ষণিকভাৱে সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে লগতে মেজিকসমূহৰ পাৰ্কিংৰ বাবে নিৰ্দিষ্ট কৰি ৰখা স্থানলৈ নিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে সংগঠনকেইটাই।

No comments