Breaking News

'মা কালীৰ উপাসক হোৱাৰ বাবে, মই ভয় নকৰোঁ.......মহুয়া মৈত্ৰ্য



তৃণমূলৰ সাংসদ মহুয়া মৈত্ৰই কালি পোষ্টাৰ বিতৰ্কত সন্দৰ্ভত বিজেপিক প্ৰত্যাহ্বান জনাইছিল। বিজেপি মহিলা মৰ্চাৰ সদস্যসকলে বুধবাৰে আবেলি মৈত্ৰ্যক গ্ৰেপ্তাৰ কৰাৰ দাবীত আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰিছিল। কৃষ্ণনগৰৰ তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে এই সন্দৰ্ভত টুইটাইৰত বিজেপিক প্ৰত্যাহ্বান জনাই লিখিছিল, "মই কালীৰ উপাসক। মই একোকে ভয় নকৰোঁ। বিজেপিয়ে কি কৰিব বিচাৰে।" বিজেপি নেতা তথা ৰাজ্যখনৰ বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীয়ে দেৱী কালীৰ ওপৰত মহুয়াৰ মন্তব্যক সমালোচনা কৰে আৰু তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ দাবী কৰে।

 বুধবাৰে মহুয়াক "মা কালী' সম্পৰ্কে বিৰূপ মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰে  বিজেপিৰ মহিলা মৰ্চাৰ সদস্যসকলে ।

উল্লেখ্য যে বিতৰ্কৰ আৰম্ভণি ভাৰতীয় পৰিচালক লীনা মণিমেকলাইৰ এখন তথ্যচিত্ৰৰ পোষ্টাৰেৰে হৈছিল। তাত এগৰাকী মহিলাক মা কালীৰ ৰূপত ধূমপান কৰা দেখা গৈছিল। যাৰ বিষয়ে বিতৰ্ক আৰম্ভ হৈছিল। সোমবাৰে কলকাতাৰ এক অনুষ্ঠানত  মহুয়াক এই সন্দৰ্ভত এটা প্ৰশ্ন কৰা হৈছিল য’ত প্ৰত্যুত্তৰত কৃষ্ণনগৰৰ তৃণমূল সাংসদগৰাকীয়ে  মন্তব্য কৰিছিল। তাৰ পিছত ৰাজনৈতিক বিতৰ্ক আৰম্ভ হয়।  মৈত্ৰই কৰা মন্তব্যটো আছিল "মোৰ বাবে কালি এগৰাকী মাংস খোৱা, সুৰা গ্ৰহণকাৰী দেৱী। আপোনাৰ দেৱীক কল্পনা কৰাৰ স্বাধীনতা আপোনাৰ আছে। কিছুমান ঠাই আছে য'ত দেৱতাসকলক হুইস্কি আগবঢ়োৱা হয় আৰু আন কিছুমান ঠাইত ই নিন্দা হ'ব।"


No comments