Breaking News

গোলাঘাট জিলা কাৰাগাৰত স্বামী অৰবিন্দ ঘোষৰ ১৫০ বছৰীয়া জন্মজয়ন্তী পালন



আজি গোলাঘাট জিলা কাৰাগাৰত স্বামী অৰবিন্দ ঘোষৰ ১৫০ বছৰীয়া জন্মজয়ন্তী পালন কৰা হয়। জন্মজয়ন্তীৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ লগতে যোগাসন কৰা হয়। কাৰ্যসূচীত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি ভাৰতী দাৰ্শনিক যোগ গুৰু তথা সাংবাদিক আদি বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত, আধ্যাত্মিক সংস্কাৰক স্বামী অৰবিন্দ ঘোষৰ সম্পৰ্কে বক্তব্য প্ৰদান কৰে প্ৰবীণ সাংবাদিক তথা পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে

মানৱ প্ৰগতি আৰু আধ্যাত্মিক বিৱৰ্তনৰ ওপৰত তেওঁৰ দৃষ্টিভংগীৰ লগতে স্বামী অৰবিন্দৰ জীৱনাদৰ্শনৰ ওপৰত চমু আভাস দাঙি ধৰে সাংবাদিক গোস্বামীয়ে। 

যোগাসনত শতাধীক পুৰষ-মহিলা কয়দীয়ে অংশগ্ৰহণ কৰে ।



অনুষ্ঠানত গোলাঘাট জিলা কাৰাগাৰৰ অধীক্ষক গৌতম বৰা, কাৰাধ্যক্ষ ফিডোজ ৰহমান, সহকাৰী কাৰাধ্যক্ষদ্বয় মিছবাহুল হক, প্ৰশান্ত ৰাজখোৱা আৰু পৰিদৰ্শক আদিত্য বৰঠাকুৰ উপস্থিত থাকে।


No comments