Breaking News

সন্ধানহীন তৰাণি নপাম গাঁৱৰ এজন ব্যক্তি

 


ডিজিটেল সংবাদ,গোলাঘাটঃ মেৰাপানী আৰক্ষী থানা অন্তৰ্গত ১নং তৰাণি নপাম গাঁৱৰ ৰূপেশ্বৰ সোনোৱালৰ (৫০)পুত্ৰ  মহন্ত সোনৱালৰ সৈতে যোৱা ২তাৰিখে গুৱাহাটীৰ পৰা নাগালেণ্ড এক্সপ্ৰেছ টেইন যোগে বেংলোৰ অভিমুখে গৈ থকা অৱস্থাত ৩ তাৰিখ সন্ধিয়া ৫  বজাত অন্ধ্ৰপ্ৰেদশৰ টুনী ষ্টেচনত তেওঁৰ দেউতাক নামি থাকি যায়। পুত্ৰই বহু সময় দেউতাক নহা দেখি চিন্তিত হৈ পৰে। প্ৰায় ৫-৩০ মান বজাত টুনী ষ্টেচনৰ পৰা 9493820063 নম্বৰৰ পৰা পুত্ৰলৈ ফোন কৰি উক্ত টুনী ষ্টেচনত থাকি যোৱা কথা কয় ।তেতিয়া পুত্ৰই উক্ত নম্বৰত ফোন কৰি ৬০০টকা দিয়ে আৰু দেউতাকক কতো নাযাবলৈ কয়। পুত্ৰই ঘূৰি আহি ৪তাৰিখে ষ্টেচনত উপস্থিত হৈ পিতৃক পোৱা নাই । সেয়েহে উক্ত ব্যক্তি জনৰ সন্ধান উলিয়াবলৈ  অসম চৰকাৰৰ সহায় বিচাৰিছে পৰিয়ালে। উক্ত ব্যক্তিজনৰ খৱৰ পালে 9177428023 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।পিন্ধনত কলা হাত দীঘল ছাৰ্ট আৰু কাৰগ' লংপেণ্ট।

No comments