Breaking News

যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত 'কৃষি সামগ্ৰীৰ সামূহিক বিতৰণ অনুষ্ঠান' সম্পন্ন

 


যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত 'কৃষি সামগ্ৰীৰ সামূহিক বিতৰণ অনুষ্ঠান' সম্পন্ন

ডিজিটেল সংবাদ,যোৰহাটঃ যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত আজি জিলা কৃষি বিষয়াৰ কাৰ্যালয় চৌহদত আয়োজিত 'কৃষি সামগ্ৰীৰ সামূহিক বিতৰণ অনুষ্ঠান'ত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, পূব ভাৰতৰ কৃষি বিপ্লৱ আনয়ন আঁচনি, বানপীড়িত কৃষকক কঠীয়া যোগানৰ উদ্দেশ্যে গঢ়ি তোলা সামূহিক কঠীয়াতলি আঁচনিৰ অধীনত নিৰ্বাচিত কৃষকসকলক আনুষ্ঠানিকভাৱে কৃষি সামগ্ৰী বিতৰণ কৰা হয়। যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত সন্মানীয় অতিথিৰূপে উপস্থিত থাকে যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, মৰিয়নি বিধান সভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, কৃষি বাণিজ্য কোম্পানীৰ লগত জড়িত উদ্যোগী তথা সমাজকৰ্মী সৌৰভপ্ৰাণ বৰা আৰু দেৰগাঁও বিধান সভা সমষ্টিৰ প্ৰতিনিধি মনোৰঞ্জন গগৈ। কৃষি উন্নয়ন বিষয়া ৰূপম কাকতিয়ে আঁত ধৰা অনুষ্ঠানটোত আদৰণী ভাষণ আগবঢ়ায় জিলা কৃষি বিষয়া তথা যুটীয়া কৃষি সঞ্চালক বেণী মাধৱ বৰুৱাই। জিলা কৃষি বিষয়া কাৰ্যালয়ৰ বিশেষভাৱে সক্ষম কৰ্মচাৰী পঞ্চমী কাকতিয়ে বৰগীত পৰিৱেশনেৰে শুভাৰম্ভণি কৰা অনুষ্ঠানটোত জিলাখনৰ সাতজন উদ্যোগী কৃষক ক্ৰমে মাজকুৰিৰ ফণী বৰা, বলমা মৰাণ গাঁৱৰ নৱনিধি গগৈ, পটীয়া ফকলা গাঁৱৰ নৱনীতা দাস, এলেংমৰাৰ ময়ূৰী বৰা, ওপৰদেউৰীৰ ৰেখা দেউৰী, মালৌখাটৰ লোকেশ্বৰ গগৈ আৰু খামজনীয়া বেজৰ চুকৰ জয়ন্ত গগৈক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। জিলা কৃষি বিভাগৰ কৰ্মসূচীৰ শলাগ লৈ সভাপতিৰ ভাষণত যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে কয় যে যোৰহাট জিলা কৃষি বিভাগে জিলাখনৰ উদ্যোগী কৃষকসকলৰ সবিশেষ তথ্য আৰু ঠিকনাসম্বলিত এখন গ্ৰন্থ প্ৰকাশ কৰা উচিত। গ্ৰন্থখন সকলোৱে পাব পৰাকৈ উপলব্ধ কৰা উচিত, যাতে অভিজ্ঞ কৃষকসকলক আগ্ৰহী লোকে যোগাযোগ কৰিব পাৰে। গ্ৰন্থখনে কৃষিকৰ্ম কৰিবলৈ ইচ্ছুক লোকৰ লগতে পৰ্যটকসকলকো উপকৃত কৰিব। লগতে তেওঁ কয় যে চৰকাৰে কৃষকসকলৰ বাবে বহুতো অভিলাসী আঁচনি ৰূপায়ণ কৰিছে। জিলাখনৰ কৃষকসকলক আঁচনিসমূহৰ সুবিধা লাভ কৰিবলৈ তেওঁ আহ্বান জনায়। যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে তেওঁৰ ভাষণত কয় যে পশুপালন, মৎস্যপালন, কৃষিকাৰ্য কৰি নিজৰ মাটিখিনি কৃষকসকলে ধৰি ৰাখিব লাগিব। তেওঁ কয় যে মাটি থাকিলেহে জাতি থাকিব, সংস্কৃতি থাকিব। সেয়েহে তেওঁ শিক্ষিত যুৱকসকলক কৃষিকাৰ্যৰ লগত জড়িত হ'বলৈ আহ্বান জনায়। হাঁহ, ঘাঁহ, মাহ আৰু বাঁহ উৎপাদনত বিশেষ যত্নৰ প্ৰয়োজন নহয়। গতিকে যুৱকসকলক হাঁহ, ঘাঁহ, মাহ আৰু বাঁহৰ উৎপাদনত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে। মৰিয়নি বিধান সভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে তেওঁ কিদৰে অতীতত কৃষিকৰ্মৰ লগত জড়িত আছিল সেইবিষয়ে ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে। তেওঁ কৃষকসকলক একেডৰা মাটিতে বিজ্ঞানসন্মতভাৱে প্ৰতিটো ঋতুতে বিভিন্ন খেতি কৰি অৰ্থনীতি সবল কৰিবলৈ অনুৰোধ জনায়। কৃষকসকলে মাটিসমূহ চন পেলাই থোৱাটো উচিত নহয় বুলি তেওঁ মত পোষণ কৰে। উল্লেখযোগ্য যে অনুষ্ঠানটোত জিলাখনৰ নিৰ্বাচিত কৃষকৰ মাজত ১২ খন পাৱাৰ টিলাৰ, কেঁচুসাৰ প্ৰস্তুতকৰণৰ সঁজুলি, সমূহীয়া কঠীয়াতলিৰ বীজ আৰু অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প (APART)ৰ অধীনৰ কেইবাখনো আঁচনিৰ লগত জড়িত বিভিন্ন কৃষি সামগ্ৰী বিতৰণ কৰা হয়। অনুষ্ঠানটোৰ সামগ্ৰিক ব্যৱস্থাপনা কৰে মহকুমা কৃষি বিষয়া ড° নিতুমণি গগৈয়ে। এক বিবৃতিৰ জৰিয়তে এই তথ্য সদৰি কৰিছে কৃষি বিভাগৰ জিলা মেডিয়া বিশেষজ্ঞ আভা ভৰালীয়ে।

No comments