Breaking News

বিদ্যালয় একত্ৰীকৰণক লৈ মুদৈজানত ৰাইজে কৰিছে প্ৰতিবাদ

 


 ডিজিটেল সংবাদ, বোকাজানঃ বিদ্যালয় একত্ৰীকৰণক লৈ  মুদৈজানত ৰাইজে কৰিছে প্ৰতিবাদ। মধ্য যোৰহাট শিক্ষা খণ্ডৰ অধীনস্থ মুদৈজান ভৰলুৱা গাঁৱৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যাপীঠ নামৰ মধ্য ইংৰাজী বিদ্যালয়খন দাঁতিকাষৰীয়া মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগত একত্ৰীকৰণ কৰা চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে মুদৈজান ভৰলুৱা গাঁৱৰ ৰাইজ তথা বিদ্যালয়ৰ অভিভাৱকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে।ৰাইজে জনাইছে যে কোনো কাৰণতে বিদ্যালয়খন স্থানান্তৰ কৰিবলৈ দিয়া নহ'ব।কিয়নো বাট পথৰ দুৰৱস্থা তথা তিনি চাৰি কিলোমিটাৰ বাট কন কন ছাত্ৰ ছাত্ৰী সকলক লৈ যোৱাত যথেষ্ট অসুবিধা হ'ব লগতে এনে কৰিলে বিদ্যালয়ৰ গুণ গৰিমাসমূহ নাইকীয়া হৈ যাব।ইপিনে বিদ্যালয়খনত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তি দিবলৈ চৰকাৰক ৰাইজে বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই কোনো কাণষাৰ নিদিয়াত, বহুতো ছাত্ৰ ছাত্ৰী অভিভাৱকসকলে অনান্য বিদ্যালয়লৈ লৈ যাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিল।সেয়ে বৰ্তমান ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিছু কমিছে যদিও শিক্ষক নিযুক্তি দি বিদ্যালয়খন উক্ত স্থানতে চলাই নিলে পূৰ্বৰ গুণ গৰিমা অটুত থাকিব বুলি ৰাইজে বিশ্বাস ৰাখি এই ক্ষেত্ৰত পুনৰ চৰকাৰক এক বিবেচনা কৰিবলৈ আহ্বান জনাইছে।প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰাৰ পূৰ্বে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে প্ৰতিবাদী ৰাইজে সৰ্বসন্মতি ক্ৰমে দুটা সিদ্ধান্ত গ্ৰহণ কৰি জিলা শিক্ষা বিষয়া লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰি সোনকালে এক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।


No comments