Breaking News

পুনৰ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম


এতিয়া পৰিস্থিতি এনেকুৱা হৈছে যে গেছত খাদ্য প্ৰস্তুত কৰিবলৈ দহবাৰ ভাবিব লাগিব দুখীয়া তথা মধ্যবিত্তসকলে। পুনৰ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। আজিৰে পৰা ১৪.২ কিলোগ্ৰামৰ  প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰত ৫০ টকাকৈ বৃদ্ধি পালে মূল্য। 

আনহাতে, ৫ কিলোগ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰৰ দামো ১৮ টকা বৃদ্ধি হৈছে। ইয়াৰ বিপৰীতে ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৮.৫০ টকা হ্ৰাস পাইছে।

পূৰ্বেই ১০০০ টকা অতিক্ৰম কৰিছিল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামে। ইমানদিনে ১০২৯ টকাত চিলিণ্ডাৰ কিনিছিল জনসাধাৰণে। আজিৰে পৰা সেই চিলিণ্ডাৰ কিনিব লাগিব ১০৭৯ টকাত। ৰন্ধন গেছৰ ৰাজসাহায্যও কাৰ্যত উঠাই দিছে কেন্দ্ৰীয় চৰকাৰে।


গুৱাহাটীত আজি প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম ১০৩১ টকা। 

No comments