Breaking News

"মোৰ বাবে মা কালি এগৰাকী মাংস খোৱা, সুৰা গ্ৰহণকাৰী দেৱী! কোনে কিয় মন্তব্য কৰিলে এইদৰে?



এখন তথ্যচিত্ৰৰ পোষ্টাৰক লৈ যথেষ্ট বিতৰ্ক হৈছিল। পোষ্টাৰখনত দেৱী কালীৰ ৰূপত পোছাক পিন্ধা এগৰাকী যুৱতীৰ মুখত চিগাৰেট সেৱন কৰা দেখুওৱা হৈছিল। পোষ্টাৰখনে সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে-লগে এক আলোড়নৰ সৃষ্টি কৰিছিল।  চলচ্চিত্ৰ নিৰ্মাতা লীনা মণিমেকালাইৰ দ্বাৰা পৰিচালিত এখন তথ্যচিত্ৰ, এনেদৰে বিতৰ্কিত ৰূপত উপস্থাপন কৰি মা- কালীক চিগাৰেট সেৱন কৰা দেখুওৱা হৈছে।



শেহতীয়াকৈঅখিল ভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাংসদ  তৃণমূল কংগ্ৰেছৰ সাংসদ মহুয়া মৈত্ৰই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত চলি থকা সমালোচনাৰ  সম্পৰ্কে মন্তব্য কৰে যে,  "মোৰ বাবে কালি এগৰাকী মাংস খোৱা, সুৰা গ্ৰহণকাৰী দেৱী। আপোনাৰ দেৱীক কল্পনা কৰাৰ স্বাধীনতা আপোনাৰ আছে। কিছুমান ঠাই আছে য'ত দেৱতাসকলক হুইস্কি আগবঢ়োৱা হয় আৰু আন কিছুমান ঠাইত ই নিন্দা হ'ব।"

লগতে মৈত্ৰই আৰু কৈছিল যে বিভিন্ন অঞ্চলত বিভিন্ন ধৰ্মীয় নৈবেদ্য আৰু ৰীতি-নীতি আছে। "যেতিয়া আপুনি ছিকিমলৈ যায়, আপুনি দেখিব যে তেওঁলোকে দেৱী কালীক হুইস্কি আগবঢ়ায়। কিন্তু যদি আপুনি উত্তৰ প্ৰদেশলৈ যাব আৰু যদি আপুনি তেওঁলোকক কয় যে আপুনি দেৱীক 'প্ৰসাদ' হিচাপে হুইস্কি আগবঢ়ায়, তেওঁলোকে ইয়াক নিন্দা বুলি ক'ব," 

No comments