Breaking News

দিল্লী-ডুবাই অভিমুখী বিমানত বিসংগতি, জৰুৰী অৱতৰণ কৰাচীত…



দিল্লীৰ পৰা ডুবাই অভিমুখী স্পাইচজেটৰ এখন বিমানে কাৰিকৰী বিজুতিৰ বাবে মঙলবাৰে পাকিস্তানৰ কৰাচী বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিব লগা হয়। সকলো যাত্ৰীক সুৰক্ষিতভাৱে অৱতৰণ কৰা হৈছিল বিমানখন।

"স্পাইচজেট বি-৭৩৭ বিমান পৰিচালনা কৰা বিমান এছজি-১১ (দিল্লী-ডুবাই)ক ইণ্ডিকেটৰ লাইটৰ বিজুতিৰ বাবেই জৰুৰী অৱতৰণ কৰিব লগা হৈছিল বিমানখন। উল্লেখ্য যে স্পাইচজেটৰ মুখপাত্ৰজনে জানিবলৈ দিয়ে যে কোনো জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হোৱা নাছিল আৰু বিমানখনে কৰাচী বিমানবন্দৰত স্বাভাৱিক অৱতৰণ কৰিছিল।

"বিমানখনৰ সৈতে কোনো বিজুতিৰ আগতে কোনো প্ৰতিবেদন পোৱা নাছিল। ইফালে কৰাচীলৈ এটা প্ৰতিস্থাপন বিমান প্ৰেৰণ কৰা হৈছে যিয়ে যাত্ৰীসকলক ডুবাইলৈ লৈ যাব বুলি স্পাইচজেটৰ মুখপাত্ৰজনে লগতে কয়।

ডিজিচিএয়ে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে। স্পাইচজেটৰ বিমানখনত ১৫০ তকৈও অধিক যাত্ৰী থকাৰ বাবে বিমানখনে জৰুৰী অৱতৰণ কৰিছিল।

"ভাৰতীয় বিমানৰ যাত্ৰীসকলক ট্ৰেঞ্জিট লাউঞ্জলৈ স্থানান্তৰ কৰা হৈছে। যাত্ৰীসকলক লাউঞ্জত চোৱাচিতা কৰা হৈছে। অভিযন্তাসকলে বিমানত সমস্যাটো নিৰীক্ষণ কৰি আছে। অভিযন্তাসকলৰ দ্বাৰা ক্লিয়াৰেন্স প্ৰতিবেদন অহাৰ পিছতহে ইয়াক উৰণৰ বাবে অনুমতি দিয়া হ'ব।

No comments