Breaking News

চিনাতলী ৰূপালী জয়ন্তী বৰ্ষৰ শাৰদীয় দুৰ্গা পূজা উলহ-মালহেৰে উদযাপন

            


ডিজিটেল সংবাদ, গোলাঘাটঃ চিনাতলী ৰূপালী জয়ন্তী বৰ্ষৰ শাৰদীয় দুৰ্গা পূজা উলহ-মালহেৰে উদযাপন -সমগ্ৰ অসমত শাৰদীয়  দুৰ্গাপূজা এইবাৰ ব্যাপক উৎসাহ উদ্দীপনাৰে উদযাপন হৈ যায় । গোলাঘাটৰ চিনাতলী আঞ্চলিক  দুৰ্গা পূজা সমিতিয়ে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰে । ১৯৯৮ চনতে প্ৰতিষ্ঠিত চিনাতলী দুৰ্গাপূজা সমিতিয়ে আড়ম্বৰপূৰ্ণ ভাৱে ৰূপালী জয়ন্তী বৰ্ষৰ দুৰ্গাপূজা উদযাপন কৰে । ১২ লাখ টকা ব্যয় সাপেক্ষে পূজা সমিতিখনে এইবাৰ "আদি যোগী" মহাদেৱ মন্দিৰৰ আৰ্হিত প্ৰায় পঞ্চাশ ফুট উচ্চতাৰ এক আকৰ্ষণীয় পূজা মণ্ডপ নিৰ্মাণ কৰে । উক্ত পূজা মণ্ডপ গোলাঘাট জিলাৰ লগতে সমগ্ৰ অসমৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে । ১ অক্টোবৰত  ষষ্ঠীৰ সন্ধ্যা বেল বোধনেৰে পূজাৰ বেদীত মা দুৰ্গা প্ৰতিমা স্থাপন কৰাৰ পিছত প্ৰতিদিনে বিধিগতভাৱে পূজাৰ কাৰ্যসূচী ৰূপায়ণ কৰে । ২ অক্টোবৰত মহা সপ্তমীৰ দিনা নৱ পত্ৰিকা স্থাপন আৰু অৰ্ধৰাত্ৰী পূজা , ৩ অক্টোবৰত  মহাষ্টমী বিহিত পূজা আৰু সন্ধি পূজা অনুষ্ঠিত হয় । ৪ অক্টোবৰত  মহা নৱমী বিহিত পূজা আৰু কুমাৰী পূজা বিধিগতভাৱে সম্পন্ন হয় ।  পূজাৰ আটাইকেইদিন  চিনাতলীৰ দুৰ্গাপূজা স্থলীলৈ হাজাৰ হাজাৰ ভক্তৰ সোঁত বয় ।  ৰূপালী জয়ন্তীৰ বৰ্ষৰ লগত সঙ্গতি ৰাখি চিনাতলী আঞ্চলিক দুৰ্গাপূজা সমিতিয়ে এলানি  বৰ্ণাধ্য কাৰ্যসূচীও ৰূপয়ণ কৰে । সাৰঙ্গ তামুলীৰ সম্পাদনাত  "মহিষমৰ্দিনী" শীৰ্ষক এখনি স্মৃতি গ্ৰন্থও প্ৰকাশ কৰে । অষ্টমীৰ দিনা সন্ধিয়ালৈ এই  স্মৃতি গ্ৰন্থখন বিশিষ্ট সংস্কিত পণ্ডিত দেৰগাঁৱৰ আচাৰ্য্য শ্ৰীশ্ৰী ৰোহিনী বল্লভ গোস্বামীয়ে  উন্মোচন কৰে । উক্ত সন্ধ্যা চিনাতলী আঞ্চলিক দুৰ্গাপূজা সমিতিয়ে অসমীয়া চিৰসেউজ গীতৰ আধাৰত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাও অনুষ্ঠিত কৰে । দুটা শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাত উচ্চ শাখাত আকাঙ্ক্ষা প্ৰিয়দৰ্শিনীয়ে প্ৰথম স্থান আৰু ৰুচিকা কাশ্যপে দ্বিতীয় স্থান লাভ কৰে । ইফালে নিম্ন শাখাত প্ৰাণজিৎ শইকীয়াই প্ৰথম স্থান , শাণ্ডিল্য বৰা আৰু পঞ্চী কলিতাই যুটীয়াভাৱে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় । লগতে এই প্ৰতিযোগিতাতে  ঋষিকন্যা দুৱৰা , অভিস্পা বৰা আৰু সৃষ্টি বড়োই বিচাৰকৰ বিশেষ বঁটা লাভ কৰে । উল্লেখযোগ্য যে ১৯৯৮ চনত যিসকল মহান ব্যক্তিৰ আন্তৰিকতাপূৰ্ণ প্ৰচেষ্টা , কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ ফলশ্ৰুতিত চিনাতলী আঞ্চলিক দুৰ্গাপূজাই প্ৰতিষ্ঠা লাভ কৰে তেনে ৫০ ব্যক্তিক‌ ৪ অক্টোবৰৰ সন্ধ্যা চিনাতলী আঞ্চলিক দুৰ্গাপূজা সমিতিয়ে সম্বৰ্ধনা জনোৱাৰ এক বিশেষ কাৰ্যসূচীও ৰূপায়ণ কৰে । ৫ অক্টোবৰত অপৰাজিতা পূজা তথা দশমীৰ পূজা সমাপনৰ  অন্তত   শোভাযাত্ৰাৰে ধনশিৰি নদীৰ ঘাটত  প্ৰতিমা বিসৰ্জনৰ লগে লগে চিনাতলী আঞ্চলিক দুৰ্গাপূজাৰ ৰূপালী‌ জয়ন্তী উৎসৱৰো সামৰণী পৰে । উল্লেখ্য যে অহা ৯ অক্টোবৰ দেওবাৰে চিনাতলী আঞ্চলিক দুৰ্গাপূজা সমিতিয়ে  শ্ৰী শ্ৰী লক্ষ্মীপূজাৰো আয়োজন কৰিছে 

No comments