Breaking News

ইন্দুবালা গোস্বামীৰ মৃত্যুত শোক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ

 


ধৰ্মপ্ৰাণা সৰবৰহী মহিলা ইন্দুবালা গোস্বামীৰ মৃত্যুত শোক প্ৰকাশ বৰপথাৰ হাইস্কুল পৰিয়ালবৰ্গ শিলনীজানৰ দিছিৰীগঁঞা সত্ৰৰ সৰবৰহী, ধৰ্মপ্ৰাণা তথা অগ্ৰণী মহিলা ইন্দুবালা গোস্বামীয়ে বুধবাৰে বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ মৃত্যুৱে এতিয়া সমগ্ৰ শিলনীজান তথা বৰপথাৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পেলাইছে। তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বৰপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত পুৱা এক শোকসভা অনুষ্ঠিত কৰি বিদ্যালয় পৰিয়ালে ইন্দুবালা গোস্বামীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিদ্যালয়খনে আজি গোস্বামীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি বিদ্যালয়ৰ অৰ্ধছুটী ঘোষণা কৰাৰ লগতে সমূহ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা সমূহ কৰ্মচাৰীয়ে এক মিনিট সময় মৌন প্ৰাৰ্থনাৰে গোস্বামীৰ বিদেহ আত্মাৰ সদগতিৰ অৰ্থে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনায়। উক্ত অনুষ্ঠানতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰাজু অধিকাৰীয়ে গোস্বামীৰ পৰিয়ালটোৱে বিদ্যালয়খনৰ ক্ষেত্ৰত আগবঢ়াই অহা সকলোপ্ৰকাৰৰ সহযোগিতাৰ সম্পৰ্কত উল্লেখ কৰি কয় যে, সদ্যপ্ৰয়াত ইন্দুবালা গোস্বামীৰ স্বামী প্ৰয়াত চণ্ডিতা বল্লভ গোস্বামীয়ে শৈক্ষিক ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৭০ চনত বৰপথাৰৰ অঞ্চলত কোনোধৰণৰ উচ্চ শিক্ষাক ব্যৱস্থা নাছিল। সেয়েহে চণ্ডিকা বল্লভ গোস্বামীয়ৰ ঐকান্তিক প্ৰচেষ্টাতে বিদ্যালয়খন স্থাপন হৈছিল আৰু বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সভাপতিৰূপে দায়িত্ব পালন কৰি বিদ্যালয়খনৰ গঢ় দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পৰৱৰ্তী সময়ত তেখেতৰ অনুপস্থিতিত তেখেতৰ সহধৰ্মিণী তথা সদ্য প্ৰয়াত ইন্দুবালা গোস্বামীয়েও বিদ্যালয়খনৰ সকলো প্ৰকাৰৰ সহযোগিতা বিভিন্ন সময়ত আগবঢ়াই আহিছিল। শেহতীয়াকৈ তেখেতৰ প্ৰচেষ্টাতে বিদ্যালয়ৰখন সোণালী জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰৱেশদ্বাৰত এখনি আটকধুনীয়া তোৰণ নিৰ্মাণ কৰি বিদ্যালয়খনৰ বহুদিনীয়া এটি আশা পূৰণ কৰে।  তেখেতৰ মৃত্যু আমাৰ সমগ্ৰ অঞ্চলটোৰ বাবেই এক অপূৰণীয় ক্ষতি।শেষত বিদেহ আত্মাৰ সদগতি কামনা কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ইফালে ইন্দুবালা গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে গোলাঘাট জিলা লেখিকা পৰিষদে। পৰিষদে ইন্দুবালা গোস্বামীৰ কৰ্মৰাজী স্বীকৃতিস্বৰূপে ২০১৮ বৰ্ষত এখনি অভিনন্দন গ্ৰন্থ প্ৰকাশ কৰি সন্মানিত কৰিছিল। তেখেতৰ মৃত্যুত পৰিষদৰ হৈ সভানেত্ৰী ডালিমী শইকীয়া বৰা, সম্পাদিকা ৰূপা শইকীয়াই গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

No comments