Breaking News

অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ১২১ জনৰ ভিতৰত ৩৭ সংখ্যক স্থানত উত্তীন হৈ গাঁওখনৰ লগতে সমগ্ৰ দেৰগাঁৱলৈ গৌৰব কঢ়িয়াই আনিছে নেত্ৰ কমল বৰা নামৰ এজন যুৱকে

  


ডিজিটেল সংবাদ, দেৰগাঁওঃ দেৰগাঁৱৰ এখন গাঁৱত উৎসৱ মুখৰ পৰিৱেশ ওলাই আহিছে কেইবা শতাধিক ৰাইজ। এই দৃশ্য দেৰগাঁৱৰ ভিতৰুৱা মলাই কুমাৰ গাঁৱৰ। সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ১২১ জনৰ ভিতৰত ৩৭ সংখ্যক স্থানত উত্তীন হৈ গাঁওখনৰ লগতে সমগ্ৰ দেৰগাঁৱলৈ  গৌৰব কঢ়িয়াই আনিছে নেত্ৰ কমল বৰা নামৰ এজন যুৱকে ।ৰাষ্টা পদূলি অতি বিধ্বস্ত এই ভিতৰুৱা অঞ্চলটোৰ পৰা  APSCদৰে গুৰুত্বপূৰ্ণ পৰীক্ষাত সফলতা অৰ্জন কৰা নেত্ৰকমলেই একমাত্ৰ যুৱক।নেত্ৰকমলৰ পিতৃৰ নাম যোগেশ্বৰ বৰা আৰু মাতৃৰ নাম লিলি বৰা।যোগেশ্বৰ বৰাই নেত্ৰকমলক অতি কষ্টৰে দিনহাজিৰা কৰি ডাঙৰদীঘল কৰিছিল। পাছলৈ নেত্ৰকমল বৰাই উচ্চ শিক্ষাৰে শিক্ষিত হৈ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানত কমৰত হৈ প্ৰতিষ্ঠিত হ'ল। বৰ্তমানৰ কৰ্মস্থলী ডিব্ৰুগড়ৰ পৰা নিজৰ ঘৰলৈ আহোতে বৃহত্তৰ মলাইকুমাৰ গাঁৱৰ আৰু কমাৰগাঁৱৰ ৰাইজৈ উষ্ম অভিনন্দন আৰু সম্বৰ্ধনা জনাই। দুই খন গাঁৱৰ হৰিমন্দিৰত তেঁও হৈ প্ৰাৰ্থনা নিৱেদন কৰে। যুৱক জনৰ নিজ গৃহতো বিভিন্ন দল সংগঠন,অনুষ্ঠান-প্ৰতিষ্ঠান,ব্যক্তি বিশেষে সম্বৰ্ধনা জ্ঞাপন কৰে।

No comments