Breaking News

অসম গণিত অলিম্পিয়াড, ২০২২ ত গোলাঘাট আৰু যোৰহাট জিলাৰ ছাত্ৰ-ছাত্ৰীৰ সাফল্য

 

সিদ্ধাৰ্থ সন্দিকৈঃ অসম গণিত শিক্ষায়তনে আয়োজন কৰা ৰাজ্যিক ভিত্তিক গণিত প্ৰতিযোগিতা, ‘অসম গণিত অলিম্পিয়াড, ২০২২’ ৰ ফলাফল ২১ অক্টোবৰ, ২০২২ তাৰিখে www.aamonline.org.in ৱেবছাইটৰ জৰিয়তে প্ৰকাশ কৰা হয়। যোৰহাট জিলাৰ যোৰহাট ইন্সটিটিউট অৱ চায়েন্স এণ্ড টেকনʼলজীৰ পৰীক্ষা কেন্দ্ৰৰ পৰা কেটেগৰী ২ ত ৰাজ্যখনৰ ভিতৰতে পঞ্চম স্হান লাভ কৰে প্ৰাগজ্যোতিকা ইংৰাজী বিদ্যালয়, তিতাবৰৰ অৰ্ণৱ সুবাস শইকীয়াই। একেটা কেন্দ্ৰৰ পৰাই প্ৰাগজ্যোতিকা ইংৰাজী স্কুল, তিতাবৰৰ আন দুজন ছাত্ৰ ক্ৰমে যথাৰ্থ পাণ্ডেই কেটেগৰী ১ ত আৰু  ৰাজতিলক গগৈয়ে কেটেগৰী ৩ ত চাৰ্টিফিকেট অৱ এপ্ৰিচিয়েশন লাভ কৰে । কাৰ্মেল স্কুলৰ প্ৰযুক্তা গগৈয়েও যোৰহাট কেন্দ্ৰৰপৰা কেটেগৰী ২ ত চাৰ্টিফিকেট অৱ মেৰিট লাভ কৰে।  গোলাঘাট জিলাৰ গোলাঘাট পলিটেকনিক কেন্দ্ৰৰপৰা প্ৰাগজ্যোতিকা ইংৰাজী বিদ্যালয়, তিতাবৰৰ ডেলিছা ডিলনাজ আহমেদে কেটেগৰী ১ ত আৰু জামুগুৰি আদৰ্শ জাতীয় বিদ্যাপীঠৰ নৱদ্বীপ শইকীয়াই কেটেগৰী ৩ ত চাৰ্টিফিকেট অৱ মেৰিট লাভ কৰে। গোলাঘাট জিলাৰ আন এটা কেন্দ্ৰ ‌চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়, বোকাখাতৰ পৰা কেটেগৰী ১ ত  দিল্লী পাব্লিক স্কুল, নুমলীগড়ৰ ছাত্ৰদ্বয় ক্ৰমে অৰণ দত্তই চাৰ্টিফিকেট অৱ মেৰিট আৰু  আৰাধ্যা ভূঞাই চাৰ্টিফিকেট অৱ এপ্ৰিচিয়েশন লাভ কৰে । একেটা কেন্দ্ৰৰ পৰা কেটেগৰী ১ ত লুইত ইণ্টাৰনেচনেল স্কুল, বোকাখাতৰ স্পন্দন হাজৰিকা আৰু বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, বোকাখাতৰ দুই ছাত্ৰ ৰাহুল পূজাৰী আৰু ধ্যান ডেকায়ো  চাৰ্টিফিকেট অৱ এপ্ৰিচিয়েশন লাভ কৰে। দিল্লী পাব্লিক স্কুল, নুমলীগড়ৰ ছাত্ৰ অভিনৱ কলিতায়ো বোকাখাত কেন্দ্ৰৰপৰা কেটেগৰীত ৩ ত চাৰ্টিফিকেট অৱ মেৰিট লাভ কৰে। অসম গণিত শিক্ষায়তনৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক তথা অসম গণিত শিক্ষায়তন, গোলাঘাট শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক সিদ্ধাৰ্থ প্ৰতীম গগৈয়ে জানিবলৈ দিয়া মতে অসমৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ গণিতৰ মেধা তথা গাণিতিক সৃষ্টিশীলতা পৰীক্ষা কৰাৰ উদ্দেশ্যে অসম গণিত শিক্ষায়তনে ১৯৮৭ চনৰ পৰা ‘অসম গণিত অলিম্পিয়াড’ আয়োজন  কৰি আহিছে আৰু চলিত বৰ্ষত এই প্ৰতিযোগিতা  ২১ আগষ্ট, ২০২২ তাৰিখে সমগ্ৰ ৰাজ্যৰ ৪৭ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল, যʼত অভিলেখ সংখ্যক ছয় সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। কেৱল যোৰহাট আৰু গোলাঘাট জিলাৰপৰাই  অভিলেখ সংখ্যক এক সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল।  জিলা দুখনত ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণৰ এই উৎসাসাহজনক‌ সংখ্যা আৰু সফলতাৰ আঁৰত অসম গণিত শিক্ষায়তনৰ যোৰহাট, গোলাঘাট আৰু বোকাখাত শাখাৰ বিভিন্ন ধৰণৰ গণিত জনপ্ৰিয়কৰণৰ কাৰ্যসূচী আৰু গণিত অলিম্পিয়াডৰ প্ৰস্তুতিৰ কৰ্মশালাবোৰেই মূল।

No comments