Breaking News

আজি সন্ধিয়া ৬ বজাত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই প্ৰচাৰ কৰা আঞ্চলিক বুলেটিনখনেই হ’ব শেষ বুলেটিন

 

ডিজিটেল সংবাদ....আজি সন্ধিয়া ৬ বজাত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই প্ৰচাৰ কৰা আঞ্চলিক বুলেটিনখনেই হ’ব শেষ বুলেটিন। আকৌ এটা হঠকাৰী সিদ্ধান্ত। এইবাৰ বন্ধ হ’ব আকাশবাণী ডিব্রুগড় কেন্দ্রৰ পৰা সম্প্রচাৰিত আঞ্চলিক বাতৰি। কেন্দ্রীয় চৰকাৰৰ ব্যয় সংকোচন নীতিৰ আধাৰত আকাশবাণী ডিব্রুগড় কেন্দ্রৰ ৰিজিঅ’নেল নিউজ ইউনিট বন্ধ কৰাৰ সিদ্ধান্তৰ পৰিপ্রেক্ষিতত কাইলৈৰ পৰা বন্ধ হ’ব আকাশবাণী ডিব্ৰুগড়ৰ অসমীয়া বাতিৰৰ সম্প্ৰচাৰ। আকাশবাণী ডিব্ৰুগড় কেন্দ্রযোগে প্রতি সন্ধিয়া ৬ বজাত প্ৰচাৰিত হৈ আছিল আঞ্চলিক বাতৰিৰ । ইতিমধ্যে এই সন্দৰ্ভত প্ৰসাৰ ভাৰতীৰ নতুন দিল্লীৰ কাৰ্যালয়ে কালি এই সন্দৰ্ভত জাননী জাৰি কৰিছে। সেইমর্মে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা ১৯৯৭ চনৰ ১১ জুনৰ পৰা নিজাববীয়াকৈ পাঁচ মিনিটৰ অসমীয়া বুলেটিনখন প্ৰতি সন্ধিয়া ৬ বজাত প্ৰচাৰিত কৰি আহিছিল।   প্ৰসাৰ ভাৰতীয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি অহা আজি সন্ধিয়া ৬ বজাত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই প্ৰচাৰ কৰা আঞ্চলিক বুলেটিনখনেই হ’ব শেষ বুলেটিন।





No comments