Breaking News

দীপাৱলী আৰু চট্ পূজা উপলক্ষে গোলাঘাট জিলাত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি



গোলাঘাট জিলা প্ৰশাসনে অহা ২৪ আৰু ২৫ অক্টোবৰৰ দীপাৱলী আৰু ৩০ অক্টোবৰত হ'বলগীয়া চট্ পূজা সুচাৰুৰূপে আৰু প্ৰদূষণমুক্তভাবে উদযাপন কৰাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত সমগ্ৰ জিলাতে কাৰ্যকৰী হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে । উচ্চতম ন্যায়ালয়ে ২০০৫ চনৰ ১৮ জুলাইত দিয়া ৰায় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমৰ নিৰ্দেশনাসমূহৰ ওপৰত ভিত্তি কৰি অতিৰিক্ত জিলা দণ্ডাধীশ কুলদীপ হাজৰিকাই এই নিৰ্দেশ জাৰি কৰিছে । সেই অনুসৰি নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ শব্দ প্ৰদূষণ সৃষ্টিকাৰী আটচবাজীৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে । শব্দ প্ৰাবল্য ১২৫ ডেচিবেল (এ আই) অথবা ১৪৫ ডেচিবেল (চি) ৰ মাত্ৰা অতিক্ৰম কৰা কোনো আটচবাজী প্ৰস্তুত, বিক্ৰী অথবা ব্যৱহাৰ কৰিব নোৱাৰিব । চিকিৎসালয়, শিক্ষানুষ্ঠান, আদালত, চৰকাৰী কাৰ্যালয়, ধৰ্মীয় স্থান, পেট্ৰল পাম্প, পেট্ৰ'লিয়ামজাত সামগ্ৰী মজুত কৰি ৰখা ঠাই, ৰন্ধন গেছ মজুত কৰি ৰখা স্থান, পাৱাৰ হাউচ আৰু অন্য স্পৰ্শকাতৰ স্থানৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আটচবাজীৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে । অনুজ্ঞাপত্ৰ নোহোৱাকৈ অথবা অধিসূচিত নোহোৱা কোনো স্থানত আটচবাজী বিক্ৰী কৰিব নোৱাৰিব । ৰাজহুৱা পথ, পদপথ অথবা অন্য কোনো পথত আটচবাজী ব্যৱহাৰ কৰিব নোৱাৰিব । পদপথ অথবা যান-যঁত হৈ থকা অঞ্চললৈ লক্ষ্য কৰি আটচবাজী দলিওৱাটো নিষিদ্ধ কৰা হৈছে । নিশা ১০ বজাৰ পিছত লাউড স্পিকাৰ অথবা মাইকৰ ব্যৱহাৰ কৰিব নোৱাৰিব । তদুপৰি যিকোনো ধৰৰণ সম্ভাব্য সমাজ-বিৰোধী কাৰ্যকলাপ ৰোধ কৰাৰ উদ্দেশ্যে মহিলা, ১৫ বছৰ বয়সৰ তলৰ শিশু, কিশোৰ-কিশোৰী, ৬০ বছৰৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক, চৰকাৰী চাকৰিয়াল আৰু কৰ্তব্যৰত নিৰাপত্তাৰক্ষীৰ বাহিৰে দুচকীয়া বাহনত দুজন উঠাটো নিষিদ্ধ কৰা হৈছে । 

No comments