Breaking News

সংকটৰ মুহূৰ্তত অতুলদাৰ কাষত থিয় দিও আহক



অতুল গোস্বামী দেৰগাঁৱৰ সমাজ জীৱনৰ এটা বিশেষ ভাৱে পৰিচিত নাম। প্ৰায় অৰ্ধ শতিকা দেৰগাঁৱৰ সমাজ জীৱনৰ এজন গতিশীল সমাজ কৰ্মী ৰূপে বিভিন্ন ক্ষেত্ৰত সক্ৰিয় হৈ থাকিল। অসম আন্দোলনত দেৰগাৱক নেতৃত্ব দিলে। আঞ্চলিকতাবাদী ৰাজনীতি, ৰাষ্ট্ৰীয় দল আদিৰো কৰ্মী আছিল। কিন্তু নিজৰ প্ৰতিষ্ঠাৰ বাবে একো নকৰিলে বা কৰিব নোৱাৰিলে। অতুলদা অতুলদা হৈয়ে থাকি গল। আমি কোনোৱেই বিভিন্ন সীমাবদ্ধতাৰ উৰ্ধত নহয়। দেৰগাঁৱৰ সামূহিক স্বাৰ্থত বিভিন্ন সীমাবদ্ধতাৰ মাজত কোনো ডাঙৰ পদৱীৰ অধিকাৰী নোহোৱাকৈ অতুলদাই একক ভাবে যিখিনি কৰিলে তাৰ কোনো তুলনা নাই। অতুলদা বিহীন দেৰগাঁৱৰ সমাজ জীৱনৰ কল্পনা কৰিবলৈ টান। সেই জন অতুল গোস্বামী অতি সংকট জনক অৱস্থাত গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালত শয্যাশায়ী। খৱৰ লবলৈকো মানুহ নাই। এই সংকটৰ মুহূৰ্তত অতুলদাৰ কাষত থিয় দিও আহক। যিয়ে যেনেকৈ পাৰে সহায় সহযোগিতা আগবঢ়াওক। অতুলদাক সহায় কৰাৰ হয়তো এয়াই শেষ সুযোগ।।

No comments